এটা ভয়ানক অজগৰ সাপ মাটিত পোত খাই আছে! সাপটোৰ গাৰ
ওপৰত মাটি পৰি বন গজিছে। সি নিতৌ সেই সাপৰ ওপৰতে বহি বৰশী
বাইছিল, তেও সাপ বুলি নেজানে। সেই দিনা সাপে অলপ লৰ্ চৰ্
কৰিছিল; সি কি এইটো বুলি বৰ ভয় খাই পানীত পৰিল।
গাৱঁৰ ভালেমান মানুহ আহি মাটি খানি খুটি পুতি কুঠাৰেৰে কাটি
সাপটো মাৰিলে। জুখি দেখা গল, সি দীঘলে বাৰ হাত, বেৰে আঢ়ৈ হাত।
সেই দিনাৰ পৰা কন্যাৰ পাৰৰ লীলা শেষ হল। ভয়তেই হওক কি
বেজাৰতেই হওক আৰু সেইফালে মই মুখ নকৰা হলো।
এই ঘটনাৰ তিনি দিনৰ পাছত পূৱাই পানী আনিবলৈ নৈলৈ যোৱা
মোৰ লগুৱা লৰাটো উধাতু খাই লৰি আহি মোক মাতিলে “দেউতা!
দেউতা?” মই তামোল চিকুণ গুৱা, টোপনিৰ চিকুণ পুৱা,” বুলি কোৱা
আগবকলীয়া সেই বুঢ়া লোক জনক পেটে পেটে নথৈ শলাগি সুখেৰে
দকচি শুই আছো। “দেউতা! দেউতা” কৈ পুৱাই মোৰ টোপনি
ভঙা বাবে কঠাল গুটীয়া লগুৱা লৰাটোক মই ভেকাহি মাৰি দিলো;
“কি হেকেউতা হেকেউতা কৰিবলৈ লাগিলিহি তই ৰাতি পুৱাই
দিনটোলৈ, গুচ ইয়াৰ পৰা, মুখ ভাঙ্গিম ধৰি!” সি কলে “দেউতা
আহকচোন চাওকহি সেই ঘূলিতে কিবা এটা ওপঙি আছে!”মই
লৰালৰিকৈ উঠি চাবলৈ গৈ, মানুহৰ শ যেন দেখি তোলাই অনালো।
দেখোন, নৈৰ সিপাৰে নিতৌ পানী নিবলৈ অহা সেই কোল ছোৱালী
জনী!!!
⸻