পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
সাধু-কথাৰ কুকি


সুধিলোঁ, “কেনেকৈ এনে দেখিবলৈ চিকুণ কলা শিল গুটি হয়?” তেওঁ উত্তৰ দিলে, “এই যে কেতোৰ কলা মানুহবোৰ দেখিছো, ইহঁত মৰিলে ইহঁতৰ হাড় আৰু মঙহবোৰ ভাগিছিগি এই শিলগুটি বিলাক হয়।” মই শিলগুটি বিচাৰি বুটলি ফুৰোঁ, তেৱোঁ মোৰ লগে লগে বিচাৰি ফুৰে, কিন্তু কয়, তেওঁৰ উদ্দেশ্য বেলেগ, তেওঁ শিলগুটি-বিচৰা নাই, কৰবাত হীৰা বা আন বহুমূলীয়া শিল পাই বুলিহে বিছাৰিছে।”
 যি ডাল গছৰ শিপাত বহি মই দ্বিতীয়টী কাম কৰো তাৰ দহ বেও মান আঁতৰতে এটা ঘুলিত এটা কুৰি বছৰমান বয়সীয়া ডেকা কোল লৰাই আহি নিতৌ আবেলি পৰৰপৰা গধূলিলৈকে বৰশী বায়। সি নিতৌ বৰশী বায়, কিন্তু মই এদিনো তাক এটাও মাছ ধৰা নেদেখিলো।নৈত যে মাছ নাই এনে নহয় বা বৰশীত খোটা সিহঁতৰ অভ্যাস নাই এনেও নহয়। লোকৰ লৰাই বৰশী বাই সেই নৈৰে মাছ জোকাজোকে লৈ গৈ তিনিতেলনি মাৰি খায়। আচল কথা, আমাৰ লৰাই বৰশী থয় পানীত, আৰু চকু থয় নৈৰ সিপাৰত। মাছে নিজৰ অৱসৰ মতে আহি বৰশীত খুটিয়ায়, পুঙা টনাটনি ব্যায়াম বা পৰিশ্ৰম কৰে, শেহত আকণ্ঠ পৰিপূৰ্ণ কৰি টোপ খাই ভোক গুচাই ঘৰাঘৰি গুচি যায়। বৰশী বাওঁতাৰ ভূৱেই নাই। বৰশীৰ গৰাকীয়ে কেবল নৈৰ সিপাৰত চকু থৈ কোনোবা সপোন পুৰীত ঘূৰি ফুৰে।
 সমুখতে সিপাৰে পানী নিয়া ঘাট। এজনী গাভৰু কৃষ্ণবৰ্ণ কোল ছোৱালী নিতৌ অকলৈ সেই সময়তে কাষত কলহ লৈ পানী নিবলৈ আহে। সেই কলা চুম্বক ডোখৰেই আমাৰ কলা লো কোল ডেকাৰ চকু দুটা সিপাৰলৈ টানি নি ধৰি ৰাখে! কোল সুন্দৰী পানী নিবলৈ আহে আবেলিতে, কিন্তু সন্ধ্যা লাগি ভগি যায়, তথাপি তাইৰ কলহ ধোৱাই নহয়! তাইৰ মাটিকলহটোৰে সৈতে নো মলিৰ কিয় ইমানটো ডাঠ