পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাৰীৰ ফুল অন্ত কৰিলোঁ। ফুলে গোঁসাই-ঘৰ উপচি পৰিল, তেও মোৰ হেপাহ পলোৱা নাই। পলাশৰ ওপৰত চকু আছে। লুকাই দুমুখীয়া দা এখন লৈ পলাশফুল পাৰিবৰ মনেৰে বিলৰ সিপাৰলৈ গলোঁ। লুকাই যাব লগীয়াত পৰিছিলোঁ এই বাবে যে আমাৰ অভিভাবকৰ হুকুম নাই, যে আমি গছত উঠোঁ। আৰু হুকুম অমান্য কৰা বাতৰি যদি কেনেবাকৈ অভিভাবকৰ কাণত উঠে তেন্তে আমাৰ পিঠিতো চেকনি উঠিবলৈ সৰহ পলম নহব। তাতে বিলৰ পাৰত বাঘ-থকা হাবিৰ মাজত পলাশ গছ। এনে স্থলত চাৰি-ফিট-এঘাৰ-ইঞ্চ-দীঘল লৰা এটাৰ সাধ্য কি যে ভৰ-দুপৰীয়া এনে এটা কাম দেখা-শুনাকৈ মৰসাহ দি কৰিবলৈ যায়? কিন্তু অভিভাবক যিমান কি কট্কটীয়া হাক্ থাকক সৰু কালত মই, গছত-উঠা, সাঁতোৰা আদি মুনিহ-বিদ্যা লুকাই চুৰকৈ চৰ্চ্চা কৰি তাত অধ্যাপকৰো অধ্যপক হৈ উঠিছিলো। ফাকুৱাৰ উলাহ, আৰু বসন্তকালৰ ডাল-ভৰা পলাশ ফুলৰ মনমোহা কান্তিয়ে জগাই দিয়া মোৰ মনৰ হেপাহক, অভিভাবক আৰু হাবিৰ ভয়ে গছকি তল পেলাব নোৱাৰিলে। অকলৈ সুৰ্‌ সুৰ্‌ কৈ হাবিৰ মাজৰ পলাশৰ তল পালোগৈ।

 ভৰ-দুপৰ। ৰদটো পকি পৰিছে। বেলিয়ে মুৰকে ভৰিকে ছাঁৰে লগলগাই দিছে। চৰাই-চিৰিকতি নিমাত। চাৰিউ ফাল নিজম। শব্দৰ ভিতৰত, পলাশৰ শুকান পাতত মোৰ ভৰি পৰি যি খৰ্‌খৰণি উঠিছে সেইয়েইহে। ইমান নিজাম যে শুকান পাতৰ ওপৰত এখোজ দি আন খোজ দিবলৈ মোৰ মনত শঙ্কা হৈছে, পছে সেই খৰ্ খৰণি শুনি চাৰিউফালৰ গছ-গছননিবোৰে উচপ খাই উঠে। গছ-গছনিৰ কথাকে নেলাগে, প্ৰথম খোজত উঠা খৰ খৰণিটোৱেই দ্বিতীয় খোজৰ খৰ খৰণি শুনি উচপ খাই উঠা যেন লাগিবলৈ ধৰিলে। মোৰ বুকুৰ ভিতৰ ঢপ্‌ঢপনি স্পষ্টকৈ মোৰ কাণত পৰিল। ৰূপহ ৰঙা ফুলেৰে