পৃষ্ঠা:সাধনী.pdf/৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

  পলমে বিধিনি মাতে ইসব কাৰ্য্যত,
  যাব পাৰো ততালিকে অনুমতি পালে।
চুহুম্মুং |— ৰীৰোচিত বাণী।
  ৰাজনীতি পৰা নাই এৰা।
  কিন্তু ডাঙ্গৰীয়া, ইচ্ছা মোৰ, পাচোঁ অন্য
  বীৰ সেনাপতি প্ৰথমতে ঘাইবল।
  কিয় যাবাঁ তুমি? ঘটে যদি অন্য বীৰ
  জনে-জনে গই, পাচিম তোমাক পাচে।
কনচেং |— স্বৰ্গদেৱ,
  পালোঁ প্ৰাণে বিষম আঘাত!
  থাকোঁতে ই কনচেং সেনাধ্যক্ষ হই
  আহোমৰ ৰণবলে পৰাভৱ মানি
  আনিব কলঙ্ক। পাৰোঁ যদি একেবাৰে
  জিনিব শত্ৰুক, কিয় পাচোঁ বাৰে বাৰে
  অন্য সেনাপতি, পাঙ্গি লই পৰাজয়।
  বাঞ্ছা মোৰ, জীৱনত নেদেখোঁ বিমুখ
  সমুখ ৰণত গই নিজ ৰণ-বল।
  আৰু এক অনুৰোধ;-চিৰকাল যেন
  অনুমতি পাই থাকোঁ এনে সুযোগত,
  ৰণত বীৰেন্দ্ৰ নাম লভিবৰ গুণে।
চুহুম্মুং |— ডাঙ্গৰীয়া,
  জানো আমি বিক্ৰম তোমাৰ।
  সম্ভৱ সকলো তোমালই। যোৱাঁ তেন্তে,
  কৰাঁগই যথাবিধি যুদ্ধ-আয়োজন।