পৃষ্ঠা:সাধনী.pdf/৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় গর্ভা। ৰাজবাট। (নালীরা। নালীয়া-হওক, তেও ঈশ্বৰে যেনে-তেনেকৈ মােৰ বাঙ্গাফেৰি পুৰালে। মই তাহানিয়েই কৈছিলো নহয়, বােলো কিয়নাে লাগিছে পৰৰ ভকত, বিচাৰি চালে আমি ঘৰতে শকত। আমাৰ ইৰাজ্যত বিচাৰিলেনো সাধনী গাভৰুলৈ মনে-বছা ধৰা এটি নােলাবনে ? নাই, মােৰ কথা মােটেই খুঁতে উৰুৱাই দি মােৰ বান্ধৱ ৰাদেৱ কলে, “নাই, মােৰ সাধনীৰ লাৱক দৰ ইয়াত নাই;-গুণত নাই, ৰূপত নাই, ফেৰত নাই।” সেই দেখি ৰজাই দেশে দেশে কটকী পাচিলে; কিন্তু কতো হেনাে তেওঁৰ মনে-ধৰা দৰা পােৱা নগল। বােল, সাত পুৰুষ গল উদৰ কেঁচা মাছ খাওঁতে, এতিয়া আৰু লাগে ভজা, খড়িকা-দিয়া আৰু পাতত-দিয়া। এইখন ৰাজ্যতে আগৰ ৰজা সকলে জীয়াৰী বিয়া দি বুঢ়া হৈ গল, এওঁলৈহে ইয়াত দৰা নােহােৱা হল। কিন্তু, মই গেন্ধেলাই তেতিয়াই কৈছিলো, বেলো দেখি, দেখি এই দুটা চকুৰে, আন ঠাইৰপৰা নাে কেনে বিনন্দীয়া বৰা ওলায়হি। পিচে, এতিয়া