এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭
সাধনী।
নুবুজোঁ আপুনি-লাগে কিনো, কিবা নাই,
কিহেতু উদাস !
শান্তি৷-বুজিছোঁ ভাবতে ভাব।
বুলিবৰ বাকী মাথোঁ,—জ্বলে কোন সিটি
উদাস প্রাণত।
সাধনী।—থক বাকী।
নালাগে জানিব সিটি কোন।
জানিবৰ যােগ্য পাত্র নােহে সেই ধন।
শান্তি৷—জানিবৰ যোগ্যা নোহোঁ আমি!
সাধনী৷ -থােৱাঁ সখী,
নকৰাঁ চুপতি! সৰল চিতেৰে কওঁ
আতিকে সামান্য পাত্ৰ মােৰ সেই ধন।
নালাগে জানিব তুমি, নালাগে জগতে;
নেদেখাতে থক গুপ্তমণি!
শান্তি৷-বাৰু সখী,
নকৰোঁ চুপতি! চুপতিৰ যােগ্যজন
আছে নেদেখাত। নীৰৱে, নজনাকই;
-থাকাঁ হাঁহি-মাতি!
সাধনী।-নাপাতিবাঁ ৰােহ সখি !
ভাবিছাঁ যি তুমি, হব পাৰে সিও এক
উদাস কাৰণ। কিন্তু সখী, প্রাণ মােৰ
হইছে কাতৰ, দেখি-শুনি সংসাৰৰ
পাক-চক্ৰ, কুটীলতা, অধৰ্ম্ম-অনীতি।
কিমতে পােনাব পাৰি সেই বেঁকা গতি,