পৃষ্ঠা:সাধনী.pdf/১০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৪
সাধনী।

কোন সতে কোন সাহে কৰেহি প্ৰস্তাৱ,
বোধশক্তি বাজ কৰি নিলাজৰ মুখে,
সতী সমৰ্পণ কথা? কিন্তু, সাধ্য কাৰ
স্পৰ্শ কৰে ছাঁয়া এই সাধ্বী-শৰীৰৰ
থাকেমানে দেহে প্ৰাণ?
 (মৌন)

 নিদিওঁ কাচিতো
এৰি 'কুবেৰ-সম্পত্তি’, নিদিওঁ বুলিলে
যাক স্বৰ্গী প্ৰাণেশ্বৰে। ৰাখিছোঁ যতনে
তাক, সতীত্ব-ৰতন সতে, ৰাখিম প্ৰাণাস্তে!
সাহে যদি দুৰাচাৰে পশু-প্ৰকৃতিৰে
বলেৰে নিবৰ হেতু, সতীত্ব বলেৰে
তাক ৰাখিম উদ্ধাৰি, কাৰ প্ৰাণপণ।
 (মৌন)

 চাপে অন্ত!
চাপিছে সি পুণ্য শোভা ধৰি। আঁতৰিছে
দেহ-মন লাহে-লাহে-লাহে, সংসাৰৰ
মায়া-মোহ আশা-শক্তি ক্ৰমাৎ এৰাই।।
কৰিছে সি গতি এবে অনন্তৰ দিশে
ধীৰে ধীৰে ধীৰে। ধন্য প্ৰভু, ৰূদ্ৰ তুমি,
অপাৰ কৰুণা তৱ, হৰিলাঁ আগেয়ে
মায়াৰ কাৰণ যত ভৱ-সংসাৰৰ,
মুকুতিৰ গতি মোৰ পোনাবৰ গুণে।