পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
খেম্‌টাৱালী

জকমকীয়া সাজ পিন্ধা এজনী ৰূপহী গাভৰু অলঙ্কাৰৰ ঝন্‌ঝননি সমজুৱাৰ কাণত পেলাই মণ্ডপত প্ৰবেশ কৰিলে। লগত এটা আদহীয়া মানুহ, হাতত এখন বেহেলা। গাভৰুৰ হাতত এটা ডাঙৰ তামোলৰ টেমা। গদাধৰে তেওঁলোকক আগবঢ়াই আনি দলিচাৰ ওপৰত বহুৱালে; লগে লগে আমাৰ মহাত্মাসকলেও দলিচাৰ ওপৰতে বহি তেওঁলোকক মণ্ডলাকাৰে বেঢ়ি ধৰিলে।

 এই গাভৰু এজনী কলিকতাৰ খেম্‌টাৱালী। কোনোবাই তেওঁক দলে-বলে নিমন্ত্ৰণ কৰি আনিছিল। যি আনিছিল তেওঁলোকৰ কাম হৈ গ’ল; এতিয়া উলটি যোৱাৰ আগতে জিলাৰ কোনো কোনো মানুহৰ নিমন্ত্ৰণ ৰক্ষা কৰি অলপ উপাৰ্জ্জন কৰাৰ আশাত এই কেইদিন অপেক্ষা কৰিছে।

 উপস্থিত ক্ষেত্ৰত গোটেই দলটো নিমন্ত্ৰণ কৰা হোৱা নাই। এওঁলোকে আলোচনা কৰি স্থিৰ কৰিলে যে গোটেই দলটো তাতকৈ অকল ওস্তাদটো আৰু খেম্‌টাৱালী জনীক আনিলেই তেওঁলোকৰ কাম চলিব। সেই দেখি হে আমি দলৰ দুজনক মাথোন দেখিবলৈ পাইছোঁ। তেওঁলোকক ডেৰ কুৰি টকাত ৰাতিটোৰ নিমিত্তে অনা হৈছে।

 গাভৰুৱে সভাসদসকলৰ মাজত আয়মেৰে বহি ওঠত হাঁহিৰ ৰং চৰাই আৰু চকুৰে সমজুৱাসকলক পিৰিক-পাৰাককৈ চাই তামোলৰ টেমাটো মেলিলে। ৰাজখোৱাকে প্ৰমুখ্য কৰি ডাঙ্গৰীয়া সকলে চকুকেইটা যিমান পাৰে ডাঙ্গৰকৈ মেলি শ্ৰীমতীৰ বদন-সৰোজ নিৰীক্ষণ কৰিবলৈ ধৰিলে আৰু কলিকতীয়া ৰূপ-সুধাৰ আস্বাদনত নিজ নিজ অস্তিত্ব পাহৰি গ’ল। শ্ৰীমতীয়ে কিছু বেলি হাতেৰে তামোল ঠুৰিয়াই আৰু চকুৰে মন্মথৰ পুষ্পশৰ হানি শেহত এখন তামোল মুখত সুমুৱালে আৰু নাচোনৰ ভঙ্গীৰে বহাৰ পৰা উঠি অঙ্গ-প্ৰত্যঙ্গৰ

— ৮১ —