স্বাধীনতা” শীৰ্ষক কিতাপখনকে পঠিয়াই দিলোঁ; পঢ়া হলে ঘূৰাই দিবা। এতিয়া দুটামান শাস্ত্ৰৰ বচন তুলি দিওঁ —
১। ঘৃতকুম্ভসমা নাৰী তপ্তাঙ্গাবসমঃ পুমান্ ।
তস্মাদ্ ঘৃতঞ্চ বহ্নিঞ্চ নৈকত্ৰ স্থাপয়েদ্ বুধঃ ॥
২। মাত্ৰা স্বস্ৰা দুহিত্ৰা ৱা ন ৱিৱিক্তাসনো ভৱেৎ ।
বলৱানিন্দ্ৰিয়গ্ৰামো ৱিদ্বাংসমপি কৰ্ষতি ॥
যি প্ৰকৃত সংযমী, তেনে মানুহৰ পক্ষে ওপৰত দিয়া শ্লোক অনাৱশ্যক হ’ব পাৰে, কিন্তু তেনে সংযমী কেইজন?
আকৌ অকলৈ ফুৰা-চকাতো মোৰ আপত্তি; তাৰ কাৰণ আমাৰ দেশৰ পুৰুষে এতিয়া তিৰুতাক সম্মান কৰিবলৈ পাহৰিলে আৰু তিৰুতাও আত্মৰক্ষা কৰিবলৈ সমৰ্থ নহয়।
সামৰণিত ইয়াকে কওঁ যে ষড়যন্ত্ৰকাৰীৰ যেনে উদ্দেশ্যই হওক, তুমি ওপৰত কোৱা নীতি-কেইটা মানি চলিলে সিহঁতে সহজে তোমাৰ একো অপকাৰ কৰিব নোৱাৰে, — এয়ে মোৰ বিশ্বাস। তোমাৰ বিশ্বাস যদি বেলেগ ধৰণৰ হয়, তেন্তে মোৰ কবলৈ একো নাই। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যেন তেওঁ তোমাৰ সৰ্ব্বতোভাবে মঙ্গল বিধান কৰে। ইতি।
তোমাৰ শুভাকাঙ্ক্ষী
শ্ৰীদীনবন্ধু
⸻