ওঁ
সুচৰিতে,
তোমাৰ চিঠি পঢ়ি সকলো কথা বুজিলোঁ আৰু সঁচাকৈয়ে দুখিত হলোঁ। এই বিদ্যালয় স্থাপন সম্বন্ধে যে তলে তলে এটা ষড়যন্ত্ৰ চলিছে, তাক বেচকৈ বুজিব পাৰিছোঁ। এই ষড়যন্ত্ৰকাৰী দলৰ নেতা কোন — তোমাক বোধ কৰোঁ নকলেও হ’ব। কালি জানৰ পাৰত কাৰো একো বেমাৰ হোৱা নাছিল, ষড়যন্ত্ৰকাৰীদলে তেওঁলোকৰ গুপ্ত অভিসন্ধি পূৰ্ণ কৰিবলৈ মোক মিছা বাতৰি দি আঁতৰাই পঠিয়াইছিল। মই কালিৰে পৰা তেনে সন্দেহ কৰিছিলোঁ; আজি তোমাৰ চিঠিৰ পৰা সভাৰ শেহ ছোৱাৰ বিবৰণ পালোঁ, তাৰ পৰা মোৰ সন্দেহ সত্য বুলি বুজিবলৈ আৰু একো বাকী নাথাকিল।
এই ষড়যন্ত্ৰ তোমাৰ, মোৰ আৰু সৰ্ব্বসাধাৰণৰ অমঙ্গল সাধনৰ নিমিত্তে; কিন্তু আমাৰ নিমিত্তে বিশেষ ভয়ৰ কাৰণ নাই। মোৰ ভয় তোমাৰ নিমিত্তে হে, তুমি সকলো বিষয়তে অতি সাৱধানে চলিবা। আৰু এটা কথা কওঁ — হয় তো তোমাৰ মনোমত নহব; কিন্তু বৰ্ত্তমান সময়ত তোমাৰ মঙ্গলৰ নিমিত্তেই সেই কথা কোৱা মোৰ কৰ্ত্তব্য বুলি ভাবিছোঁ — তুমি যেই সেই পুৰুষৰ লগত ঘনিষ্ঠতা নাৰাখিবা মই যদিও স্ত্ৰী-স্বাধীনতাৰ বিৰোধী নহওঁ, তথাপি বৰ্ত্তমান সময়ত আমাৰ দেশত অসীম স্ত্ৰী-স্বাধীনতা থকাৰ ঘোৰ বিৰোধী। দেশ আৰু পাত্ৰ অনুযায়ী সকলো বিষয়ৰ একোটা নিৰ্দ্ধাৰিত সীমা থাকিব লাগিব। যদিও এই বিষয়ে মই গঠন কৰা নিয়ম কেইটা সভাত গৃহীত নহল, তথাপি তুমি তাক পালন কৰি চলিলে মই সন্তোষ পাম। এই সম্পৰ্কত মোৰ বহুতো ক’ব লগা আছে; কিন্তু সিমানবোৰ কথাৰে চিঠি লিখিবলৈ গলে সি এক প্ৰকাৰ চিঠি নহৈ পুথিত পৰিণত হ’ব। সেই দেখি চিঠি দীঘল নকৰি মোৰ হাতে লিখা “ভাৰতীয় নাৰীৰ