একাদশ অধ্যায়
ষড়যন্ত্ৰ
সভাৰ পৰা ওলাই দীনবন্ধু জানৰ পাৰলৈ গৈছিল। তাত মৎস্যজীৱী-সকলৰ বাস। তেওঁ পোনেই গাওঁবুঢ়াৰ ঘৰত উপস্থিত হ’ল : গাওঁবুঢ়াই তেওঁক আগবঢ়াই নি বহিবলৈ দিলে।
দীনবন্ধুৱে ক’লে, — “এতিয়া বহিবলৈ সময় নাই; তোমালোকৰ গাৱঁত কাৰ কাৰ ঘৰত মাউৰ লাগিছে?”
গাওঁবুঢ়া — মাউৰ! আমাৰ গাৱঁত!
দীন — এৰা, তোমালোকৰ গাৱঁতে। তুমি তেনেহলে একোকে নাজানা!
গাওঁবুঢ়াই বিস্ময়-চকুৰে দীনবন্ধুলৈ চাই সুধিলে, — “কেতিয়াৰ পৰা হৈছে?”
দীন — দুপৰৰে পৰা বোলে দুটা মৰিছে আৰু পাঁচ-ছজনমান পৰি আছে।
গাওঁবুঢ়া — আপোনাক কোনে এনে খবৰ দিছিল?
দীন — কিয়?
গাওঁবুঢ়া — তেনেই মিছা কথা। আমাৰ গাৱঁত এই আধা ঘণ্টা আগলৈকে কোনো বেমাৰ নাছিল বুলি মই থিৰাংকৈ জানো। মই দুপৰীয়া খাই-বৈ উঠিয়েই ঘৰে ঘৰে এখন পৰোৱানা জাৰি কৰি ফুৰিছিলোঁ; আপোনাৰ আগে আগে মাত্ৰ ঘৰ সোমাইছোঁ। এই কামত ঘূৰোঁতেই মই আজি সভালৈকো যাব নোৱাৰিলোঁ।