পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জালত পহু

মাজতে ঠগাৰ ওপৰত তুলি থোৱা কীৰ্ত্তন পুথিখনৰ পেৰাটো। ইটো খোটালিত জুহালখন আৰু তাৰ ওচৰতে চাহৰ টেকেলি, কাঁহী-বাটি আদি আৰু হাকোঁটাত ঘিউৰ টেকেলি, গাখীৰৰ কঁৰীয়া।

 এই কেইটা ঘৰৰ বাহিৰেও চ’ৰা ঘৰৰ উত্তৰ ফালে এটা ভঁৰাল ঘৰ আৰু নঙলাৰ অলপ দূৰতে এফলীয়াকৈ সজা এটা গোহালি ঘৰ আছে।

 গোহালিৰ পৰা অলপ আঁতৰত ওচৰা-ওচৰিকৈ এটা গোবৰৰ বহা আৰু এটা খেৰৰ মে-জি। ভঁৰালৰ মুখত এটা তুলসী-ভেঁটি আৰু পদূলিত কেইজোপামান গোলাপ, তগৰ, গুটিমালী ফুলৰ গছ আছে। বাটচ’ৰাৰ দুয়ো কাষে দুজোপা গুলচফুল ফুলি বগা হৈ মলমলীয়া গোন্ধে আলিবাটে যোৱা মানুহক বিলাই দিছে।

 বাৰীখন ডাঙৰ আৰু তাত নানাপ্ৰকাৰৰ খেতি আছে; —ঢাপত আম-কঁঠালৰ গছ, মাজত তামোল-পাণৰ গছ, আৰু চালত লাও-কোমোৰা। ঢাপৰ দাঁতিয়ে দাঁতিয়ে মাটি-কঁঠাল, অমৃতা আৰু কলগছৰ শাৰী দেখা যায়। অ’ত ত’ত খৰুৱা বেঙেনা, জলকীয়া, হালধি আৰু আদাৰ খেতিও আছে। গছৰ গুৰিয়ে গুৰিয়ে কাঠ, আলু আৰু চীনা মোৱা আলুৰ ভেঁটিৰ পৰা গজালি ওলাই বাঁহৰ সৰাহে দি বগাই গৈ গছত উঠিছে। টাটীত পুৰৈশাক, মাটিত তিহু-ছিৰাল আৰু জেঙত কেৰেলা-ধুন্দুলি বগাইছে। জিকা-ভোলৰ পুলি কেইটামানো টাটীৰ দাঁতিতে আছে; কিন্তু এতিয়াও বগাবৰ হোৱা নাই।

 ঘৰ-দুৱাৰ আৰু বাৰীখন দেখি ঘৰৰ গৰাকীজন চহকী মানুহ বুলি অনুমান হয়।

 দুপৰীয়াৰ অলপ পিচতে তপেশ্বৰ বৰা এই পদূলিয়েদি সোমাই গ’ল। চ’ৰা ঘৰৰ মুখ পাই অলপ থিয় দিলে। তাৰ পিচত মাতিলে, — “কাতিৰাম। অ’ কাতিৰাম! কাতিৰাম ঘৰত আছ নে?”

 “হয় ককাইদেউ, বহক তাতে” — এই বুলি কঁকালত আঠু-মূৰীয়া

— ৬৭ —