পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দশম অধ্যায়

জালত পহু

 নগৰৰ পৰা প্ৰায় আধা মাইল দূৰৈত আলিৰ দাঁতিত বাট-চ’ৰা এটাৰে সৈতে এটা পদূলি পোৱা যায়। এই বাট-চ’ৰাৰ ভিতৰেদি সোমাই একেৰাহে গৈ থাকিলে এটা ফুল-চত লগোৱা ঘন ৰুৱাৰ চালৰ চ’ৰাত সোমাব পাৰি। তাত থকা ঢাৰি-পীৰাবিলাকত একে সময়তে আঠ-দহ-জন মানুহ বহিব পাৰে, আৰু কোনোবা আলহী হ’ব খুজিলে এফালে দাঁতিত থকা চালপীৰাখনতে ৰাতি কটাব পাৰে। তেওঁৰ কাপোৰ-কানিখিনি খুঁটাত লগাই থোৱা পহুৰ শিংকেইটাত অনায়াসে তুলি বা আঁৰি থব পাৰে। তাৰ পিচত অলপ ইফাল-সিফাল কৰিলেই আনকেইটা ঘৰ আৰু বাৰীখনৰ সকলো কথা জানিব পাৰে।

 প্ৰথমেই দেখা যায় টিনৰ বৰ ঘৰটো। ইয়াৰ বেৰকেইখন ইটাৰ আৰু পূবে পশ্চিমে দুটা সুৰুঙাৰ বাহিৰে কোনো প্ৰকাৰৰ খিৰিকী নাই। এই ঘৰটোৰ মাজৰ খোটালিটোত কেইবাটাও পেৰা-পেটাৰি আছে; বিশেষকৈ এটা লোহাৰ চন্দুকত বহুতো টকা আছে বুলি মানুহে কয়। বৰচাঙত গুৰ, মাহ, সৰিয়হ, পাচি, খৰাহি, ডলা-কুলা, আদি হেনো ভৰি আছে। বৰ ঘৰত লগাই সজা মাৰল ঘৰটো খেৰী; তাৰ এখোটালি শুদা আৰু ইখোটালিত কেইটামান পেৰা, এখন শয্যা, আৰু উঘা-চেৰেকি যঁতৰ আদি শিপিনীৰ লাগতিয়াল সঁজুলি আছে বুলি জনা যায়। মাৰল ঘৰৰ পেটতে লগাই সজা ৰান্ধনি ঘৰটোও খেৰৰ। ইয়াৰো দুটা খোটালি; পূবৰটো খোটালিত ভাত-চৰু, পাভ-টিচাং আৰু

— ৬৬ —