প্ৰাণ পৰ্যন্ত্য দিব পাৰে। কিন্তু আমি অকল আমাৰ সুবিধালৈকে চাই, তেওঁৰ মূৰত বলে নোৱৰাকৈ বোজা তুলি দি হত্যা কৰা জানো উচিত? তেওঁ ৰাজহুৱা কামৰ ভৰত মূৰ ডাঙিব নোৱৰা হৈছে, খাব-শুবলৈ সময় নোপোৱাত পৰিছে; মোৰ বোধেৰে এনে অৱস্থাত তেওঁৰ মূৰত আৰু কামৰ বোজা জাপি নিদি, আপোনালোকে তেওঁৰ কাম কিছু পাতলাবলৈ যত্ন কৰা হে উচিত। আপোনালোকে দেখিছে, আমাৰ দেশত যেয়ে ৰাইজৰ নিমিত্তে দেহে-কেহে খাটে, তেওঁৰেই অকাল-মৃত্যু হয়। কিয় হয়? কাৰণ আমাৰ দেশত তেনেকৈ কাম কৰোঁতা মানুহৰ সংখ্যা নিচেই তাকৰ। ইফালে ৰাইজে চল পালে একেজনৰ মূৰতে বলে নোৱৰাকৈ কামৰ বোজা তুলি দিয়ে! তেওঁলোকেও কোনো আপত্তি নকৰি, আহাৰ-নিদ্ৰা পৰিত্যাগ কৰি ৰাইজৰ কামত প্ৰাণপণে লাগি যায়। তাৰ ফলতেই সোনকালে স্বাস্থ্যভঙ্গ হৈ অকালমৃত্যুৰ মুখত পৰে। শইকীয়া ডাঙৰীয়াৰ গাত এতিয়া ইমানবোৰ ৰাজহুৱা কামৰ ভাৰ যে সেয়ে দুই-তিনিজন মানুহলৈ যথেষ্ট হয়; তাৰ ওপৰত আকৌ দায়িত্বপূৰ্ণ কামৰ ভাৰ দিবলৈ হ’লে মোৰ বোধেৰে তেওঁক জানি-শুনি হত্যা কৰা হে হ’ব। এই প্ৰসঙ্গতে মই এটা সূচাই দিওঁ — এই জিলাত বহুতো শিক্ষিত মানুহ আছে; কিন্তু শইকীয়াদেৱৰ দৰে তেওঁলোকৰ স্বাভাৱিক কৰ্ম্ম-কুশলতা নাই; সেই দেখিয়েই তেওঁলোকৰ উপযুক্ততা আপোনালোকে দেখিবলৈ পোৱা নাই। মোৰ বিশ্বাস, যদি সেইবোৰ মানুহক আপোনালোকে ৰাজহুৱা কামৰ ভাৰ দিয়ে তেন্তে অলপ দিনৰ ভিতৰতে বহুতো উপযুক্ত মানুহ গঢ়ি তুলিব পাৰিব। তেতিয়া শইকীয়া ডাঙৰীয়ায়ো অলপ তত পাব। আপোনালোকে মোৰ কথাখিনি অলপ দকৈ ভাবি চাই, কি হয় স্থিৰ কৰক।
সভাপতিৰ বক্তৃতা শুনি সকলো মৌন হল। তাৰ পিচত যেতিয়া