পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

 ৭। স্থায়ীভাবে আশ্ৰমৰ ঘৰ-দুৱাৰ হৈ নুঠালৈকে কেৰেয়া ঘৰত আশ্ৰমৰ কাৰ্য্য চলাব লাগিব।

 ৮। আশ্ৰমত সম্প্ৰতি নিম্ন প্ৰাইমাৰীৰ জোখেৰে লিখা-পঢ়া শিকোৱা হ’ব; তাৰ লগতে স্বাস্থ্যৰক্ষা সম্পৰ্কীয় শিক্ষাও হ’ব লাগিব। সূতা-কটা, তাঁত-বোৱা, ফুলদিয়া, সকলোৱে শিকিব লগা বিষয় হ’ব। সঙ্গীত আৰু চিত্ৰ বিদ্যাৰো চৰ্চ্চা থাকিব লাগিব।

 ৯। গৱৰ্ণমেন্ট বা বোৰ্ডৰ কোনো সাহায্য বা নিয়মকাৰণ গ্ৰহণ কৰা নহব। ই জাতীয় বিদ্যালয়স্বৰূপে চলিব লাগিব।

 ১০। বিদ্যালয়ত যদি শিক্ষক নাইবা বৃদ্ধা শিক্ষয়িত্ৰী নিযুক্ত হয় তেন্তে চলন-ফিৰণ সম্পৰ্কে কোনো বন্ধা-ধৰা নিয়ম নাথাকিব। বিবাহিতা যুৱতী হলে যদি স্বামীৰ লগত থাকে, অথবা অবিবাহিত হলেও যদি মাক বাপেক নাইবা ককায়েকৰ লগত থাকে, তেন্তে বিশেষ নিয়ম নাথাকিব; কিন্তু যদি স্বাধীনা শিক্ষয়িত্ৰী হয়, তেন্তে তলত দিয়া নিয়মৰ তলতীয়া হ’ব লাগিব।

 (ক) তৃতীয় ব্যক্তিৰ অনুপস্থিতিত কোনো মতা মানুহক অভ্যৰ্থনা কৰিব নোৱাৰিব।

 (খ) বিশেষ আত্মীয় মানুহ নহলে অথবা কোনো বেমাৰে-উমাৰে আৱশ্যক নহলে, ৰাতি শিক্ষয়িত্ৰীৰ ঘৰলৈ কোনো মতা মানুহ যাব নোৱাৰিব।

 (গ) লগত বিশ্বাসী সহচৰ নোহোৱাকৈ শিক্ষয়িত্ৰী অকলৈ য’তে ত’তে ফুৰিব নোৱাৰিব।

 ১১। কেতিয়াবা আৱশ্যক হলে এই নিয়মবোৰৰ সালসলনি ঘটিব পাৰিব।

 নিয়মাৱলী পঢ়া শেষ হলত সভাপতিয়ে সমজুৱাসকলক মন্তব্য প্ৰকাশ কৰিবলৈ অনুৰোধ কৰিলে।

— ৬০ —