আৰু তেওঁ কেনে মানুহ। তেওঁ নিঃস্বাৰ্থভাবে সদায় ৰাইজৰ কাম কৰি আহিছে। শিক্ষাৰ মোল তেওঁতকৈ কোনোবাই বেচি বুজে বুলি মোৰ বিশ্বাস নহয়। তেওঁ নিজে উচ্চ-শিক্ষাত শিক্ষিত, এফালে ইংৰাজী শিক্ষাত যেনে পণ্ডিত, আনফালে তেনেকৈয়ে প্ৰাচীন-শাস্ত্ৰাৱলী আৰু সংস্কৃত সাহিত্যতো সুপণ্ডিত। অকল সেয়ে নহয় তেওঁ নিজে শিক্ষক আৰু তিনি চাৰিখন নৈশ বিদ্যালয়ৰ সংস্থাপক। এই ন-পুৰণিৰ সন্ধি-স্থলত তেওঁৰ উপদেশ নিশ্চয় মূল্যবান হ’ব। ৰাইজসকল, মই সেই বিষয়ে বেচিকৈ ক’ব নোখোজোঁ; কাৰণ তেওঁৰ বিষয়ে মোতকৈ আপোনালোকেই বেছিকৈ জানে। তেওঁৰ ওপৰত আপোনালোকৰ সম্পূৰ্ণ বিশ্বাস আছে দেখিহে আজিৰ সভাই এনে সফলতা লাভ কৰিছে। তেনে জন মানুহৰ অনুপস্থিতিত বিদ্যালয়-স্থাপন সম্বন্ধে কোনো কথাৰ মীমাংসা কৰা উচিত নহব বুলিয়েই মই বিবেচনা কৰোঁ! সেই কাৰণে মই কওঁ আজিৰ সভা স্থগিত থাওক।
সকলোৱে তাতে হয় দিলে আৰু এনে প্ৰস্তাৱ কৰাৰ বাবে প্ৰভাৱতীকো ধন্যবাদ দিলে। সভাপতি-প্ৰমুখ্যে তেওঁলোকৰ দলৰ সকল উদ্বিগ্ন হৈ উঠিল।
অলপ ভাবি সভাপতিয়ে কলে, — “আপোনালোকে উপযুক্ত প্ৰস্তাৱকেই কৰিছে, কিন্তু তাত এটা লেঠা আছে। এনেবোৰ কাম আধা কৰাকৈ এৰিলে প্ৰায়ে নষ্ট হয়। বেচি নকওঁ, উপযুক্ত কাৰ্য্যকাৰক নিযুক্ত কৰা নহলে আজিৰ টকা-কড়ি, হিচাপ-পত্ৰবোৰকেই বা কাক গতাই দিব? এইবোৰ কথা ভাবি চায়েই শইকীয়াদেৱে যাবৰ সময়ত আজিৰ ভিতৰতে কাৰ্য্যকাৰক নিযুক্ত কৰিবলৈ দঢ়াই-দঢ়াই কৈ গৈছে; অকল মোকেই নহয়, আপোনালোককো অনুৰোধ কৰি গৈছে।
সভাপতিৰ কথাত সমজুৱাৰ আপত্তি উৰি গ’ল। তেতিয়া