পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সভা

তুলিব পাৰে — এই সকলো কথা এনে পৰিপাটীকৈ বিশদৰূপে বুজাই দিলে যে, সকলোৱে একাণপতীয়া হৈ শুনিবলৈ ধৰিলে। সমজুৱাৰ মাজৰ পৰা নগৰীয়াদলৰ “শুনক, শুনক” আৰু গাৱঁলীয়াসকলৰ “বোপাদেউতাই সাৰুৱা কথা কৈছে” — ইত্যাদি মন্তব্য ঘনে ঘনে শুনা গৈছিল। তাৰ পিচত, এই কাৰ্য্য সাধনৰ নিমিত্তে কিয় সকলোৱে হাত উজান দিয়া উচিত, ৰাইজে নখ জোকাৰিলে নৈ বৈ যোৱা কথালৈ মন কৰি কেনেকৈ ধনী, দুখীয়া সকলোৱে শক্তি অনুযায়ী দান দিয়া উচিত আৰু বিদ্যালয় পতাৰ পিচত তাক সজীৱ ৰাখিবলৈ কেনেকৈ মাহেকীয়া বৰঙনি দিয়াৰ প্ৰয়োজন, এই সকলো কথা তন্ন-তন্নকৈ ব্যাখ্যা কৰি দীনবন্ধুৱে আসন গ্ৰহণ কৰিলে।

 তাৰ পিচত উঠিল প্ৰভাৱতী। স্ত্ৰী-শিক্ষাৰ আৱশ্যকতাৰ বিষয়ে তেওঁ এনে এটা হৃদয়গ্ৰাহী বক্তৃতা দিলে যে সকলোৱে ধন্য-ধন্যকৈ শলাগিবলৈ ধৰিলে। তেওঁ কেনেকৈ এই উদ্দেশ্যকে মনত লৈ প্ৰবাসত ঘূৰি ফুৰিছে আৰু তাত সিদ্ধিলাভ হোৱাটো কেনেকৈ ৰাইজৰ ইচ্ছাৰ ওপৰতে নিৰ্ভৰ কৰে, তাক সকলোৰে মনত বহি যোৱাকৈ এনে ভাবে বুজাই কলে যে সকলোৱেই অৱস্থাৰ উপযোগী সাহায্য কৰিবলৈ কৃত-সঙ্কল্প হ’ল।

 ইয়াৰ পিচত মাহেকীয়া বৰঙনি আৰু এককালীন দানৰ নিমিত্তে কাকত আগ বঢ়োৱা হ’ল। কোনোৱে প্ৰতিশ্ৰুতি দিলে আৰু কোনেৱে নগদ টকাকে আদায় কৰিলে। জাননীত এই বিষয়ে আগেয়েই ভাঙি লিখা হৈছিল।

 সকলোৰে চহি হোৱাৰ পিচত দেখা গ’ল এককালীন দান ৮০০৲ টকা আৰু তাৰে আদায় ৩৬০৲ টকা। প্ৰতিশ্ৰুত মাহেকীয়া বৰঙনি হ’ল মুঠতে ৫৪৲ টকা।

 ইয়াৰ পিচত থাকিল কৰিবলগীয়া কাৰ্য্য — স্কুল-কমিটি-গঠন, চেক্ৰেটাৰী

— ৫৫ —