তাৰ পিচত বটলত আহিল হুইস্কি আৰু বিলাতী পানী, থালত আহিল ৰুটি আৰু ভজা মঙহ, আৰু আহিল কেইটামান গিলাচ, কাটা-চামুচ ইত্যাদি। বটলৰ ঠিলা সোলোকোৱা হ’ল ভেকেতা-ভেকেত গোন্ধেৰে গোটেই ঘৰ ভৰি গ’ল। পান-ভোজন বহুত বেলিলৈকে চলিল, লগে লগে নানাপ্ৰকাৰ কথাও চলিবলৈ ধৰিলে।
গকুলচন্দ্ৰ — হেৰা, সিবেলি মিউনিচিপেলিটিৰ ইলেক্চন হওঁতে আমাৰ ভিতৰতে খৰিয়াল লাগিছিল; এইবাৰৰ পৰা যেন তেনে নহয়।
ৰাজখোৱা — আগলৈ আৰু তেনে নহয়, এতিয়াৰ পৰা আমাৰ এক মত।
গকুল — আমাৰ এক মত।
সকলোৱে — আজিৰ পৰা আমাৰ এক মত।
গকুল — মোৰ কেতিয়াবা ভুল হয়, তুমি খং নকৰি শুধৰাই দিবা দেই, ৰাজখোৱা।
ৰাজখোৱা — মোৰ ভুল হলেও মিঃ দাস তাত নালাগিবা।
গকুল — নালাগোঁ, কেতিয়াও নালাগোঁ। চাওঁ তোমাৰ হাতখন দিয়াঁচোন।
তেতিয়া দুয়োজনে হাতত ধৰি বহুত বেলি জোকাৰিলে। বাকি কেইজনে তেওঁলোকৰ অভিনয় নীৰৱে চাই থাকিল। গদাধৰ সুৰাদেৱীৰ উপাসনাতেই বিশেষকৈ ব্যস্ত আছিল; এতিয়া তেওঁ মাত লগালে, — “উকীল ডাঙৰীয়াৰ ওপৰত মোৰ এটা ডাঙৰ অভিযোগ আছে।”
সকলোৱে — কি? কি?
গদা আমাৰ দলটো পূৰ হবলৈ গান-বাজনা আৰু ধুনীয়া মুখৰ হাঁহিৰ প্ৰয়োজন। উকীল ডাঙৰীয়াই তেনে সুবিধাৰ পৰা আমাক বঞ্চিৎ কৰিছে।
গকুল — মিছা কথা। মই কেতিয়া কৰিছোঁ? চোৱাঁহঁক