পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অপৰিচিতা

 যুৱতী বহিল আৰু খোটালিটোৰ চাৰিওফাললৈ চাবলৈ ধৰিলে। মাজে মাজে কেৰাহি-কেৰাহিকৈ দীনবন্ধুলৈ চাবলৈ লাগিল। দীনবন্ধুৱে যুৱতীৰ উদ্দেশ্য একো বুজিব নোৱাৰিলে; আন কি তেওঁ অসমীয়া নে বঙালী তাকো ঠিক কৰিব নোৱাৰিলে। মনে মনে ভাবিলে, — এওঁ কোনোবা মিশ্যনেৰীৰ ফুচুলনিত পৰি খৃষ্টান হোৱা নাইবা কাৰবাৰ প্ৰেমত পৰি ব্ৰাহ্ম হোৱা বঙালী-ছোৱালী।