পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

কিবাকিবি হিচাব মিলাই আছিল। এনেতে সেই নৱাগতা যুৱতীৰ লগত থকা লৰাটো আহি দীনবন্ধুৰ হাতত এখন চিঠি দিলে। দীনবন্ধুৱে আচৰিত হৈ সুধিলে, — “কাৰ চিঠি?”

 “আপোনাৰ”।

 “কোনে দিছে?"

 “বাইদেৱে।”

 “বাৰু, এতিয়া যোৱাঁ”। — এই বুলি লৰাটো পঠিয়াই দি চিঠিখন মেজৰ ওপৰতে থৈ দীনবন্ধু আকৌ হিচাপ-পৰীক্ষাত লাগিল। প্ৰায় আধা ঘণ্টামান সময়ৰ পিচত হিচাপৰ বহিটো সামৰি তেওঁ চিঠিখন মেলিলে। চিঠিখন এই —

ওঁ

মান্যবৰেষু,

 অচিনাকি হৈও আজি আপোনাক আমনি কৰিবলৈ আৰু আপোনাৰ বহুমূলীয়া সময় নষ্ট কৰিবলৈ ওলোৱাৰ বাবে ক্ষমা কৰিব বুলি আশা কৰিলোঁ।

 মই এজনী গাৱঁলীয়া ছোৱালী; কিন্তু পৰমেশ্বৰৰ কৃপাত নানা দুঃখ-কষ্ট আৰু অভাবৰ মাজেদিও যৎকিঞ্চিৎ শিক্ষালাভ কৰিছিলোঁ। শিক্ষাৰ অন্ততঃ এবছৰমান বিদেশতে শিক্ষয়িত্ৰীৰ কাম কৰিছিলোঁ; কিছুমান বিষয়ত স্কুল-কৰ্ত্তৃপক্ষৰ লগত মত নিমিলাত কাম এৰি দি ঘৰলৈ গুচি আহিলোঁ। ইয়াতে এখন বিদ্যালয় পাতি ছোৱালীৰ শিক্ষা প্ৰচাৰ কৰিবলৈ মোৰ একান্ত ইচ্ছা আছিল; কিন্তু অকল লিখা-পঢ়ায়েই যথেষ্ট শিক্ষা নহয় বুলি মোৰ সৰুৰ পৰা ধাৰণা। ছোৱালীহঁতক সম্পূৰ্ণ গাৰ্হস্থ্য-জীৱনৰ উপযুক্ত কৰি তুলিব নোৱাৰিলে, বিদ্যালয় পতাৰ পৰা বিশেষ লাভ হোৱাৰ আশা কম। সেই দেখিয়েই

— ৩৪ —