পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা


‘প্ৰভাৱতীয়ে ক'লে,—“উষা, আজি প্ৰথম তোমাক মোৰ পূজাৰ সঙ্গিনী কৰিবলৈ ওলাইছোঁ; এই আৰম্ভণ যেন দেৱতাৰ আশীৰ্ব্বাদত চিৰন্তন হয়।”

 উষাই মাথোন মূৰ দোঁৱালে।

 প্ৰভাই বন্ধ কৰি থোৱা খোটালিটোৰ দুৱাৰখন মেলি ক'লে,— “আজিলৈকে মোৰ পূজাৰ মন্দিৰত কাকো প্ৰৱেশ কৰিবলৈ দিয়া নাছিলোঁ। আজি মোৰ বুকু কঁপি উঠিছে! উষা! উষা!”

 উষা—বাইদেউ!

 প্ৰভা—উষা! ক'ব নোৱাৰোঁ মই কি কৰিছোঁ। প্ৰাণ কাতৰ হৈ উঠিছে, ধৈৰ্য্য চঞ্চল হৈ উঠিছে, কিবা এটা অৰূপ তৰঙ্গই অন্তৰত তোলপাৰ লগাইছে। অবলাক বল দিয়াঁ হৃদয়-দেৱতা! নহয়, আৰু পাচ নোহোঁহকোঁ। আহাঁ উষা!

 দুয়ো প্ৰৱেশ কৰিলে। তাৰ পিচত চাকি লগোৱা হ’ল। চাকিৰ পোহৰত দেখা গ'ল—খোটালিটোৰ পূবফালে এটা বেদী। বেদীৰ ওপৰত এখন সৰু সিংহাসন;-তাত কিবা এটা বিগ্ৰহ স্থাপিত। দুয়ো বেদীৰ ওচৰত কুশাসনত বহিল; ধূপ জ্বলোৱা হ’ল; শঙ্খ- ঘণ্টাৰ ধ্বনিৰে নিনাদিত কৰি আৰতি শেষ কৰিলে। তাৰ পিচত দুয়োৰে আঁজলি এক কৰি বিগ্ৰহৰ উদ্দেশ্যে পুস্পাঞ্জলি প্ৰদান কৰিলে। উষাই বিগ্ৰহৰ প্ৰতি আগেয়ে ভালকৈ লক্ষ্য কৰা নাছিল; এতিয়া বিগ্ৰহৰ সম্পূৰ্ণ অৱয়ব নিৰীক্ষণ কৰি উষাৰ গোটেই শৰীৰ কণ্টকিত হৈ উঠিল। উষাই ক'লে,-“ধন্য তোমাৰ পূজা, তুমি সঁচাকৈয়ে দেৱতাৰ কৃপা লাভ কৰিবৰ উপযুক্ত।”

 প্ৰভাই একো নামাতিলে। আগৰ দৰেই আকৌ দুবাৰ অঞ্জলি প্ৰদান কৰি দুয়ো প্ৰণিপাত কৰিলে।

 হঠাৎ কাৰবাৰ পদশব্দ শুনি দুয়ো চক খাই উঠিল; মূৰ ডাঙি

-৩৮৮ -