প্ৰভা—দেৱতাৰ উদ্দেশ্যে কৰা কাম সিমান ঢিলা নহয়; কৰোঁ
বুলিলেই যে কৰিব পাৰি, তেনে নাভাবিবা। তালৈ সাধনা লাগে,
দেৱতাক ভালকৈ দেখিব পাৰিব লাগে। অন্তশ্চক্ষুৰে আগত দেৱতাৰ
বিৰাট বিশ্বৰূপ প্ৰতিষ্ঠা কৰিব লাগে। তেতিয়াহে তোমাৰ কথা তেওঁ
শুনিব, তুমিও তেওঁৰ কথা শুনিবলৈ পাবা। এই অৱস্থা লাভ কৰা
দুই-এদিনৰ কাম নহয়। সেই দেখিয়েই প্ৰথমে স্থূলভাবে এই স্থূল
চকুৰে চাবলৈ অভ্যাস কৰিব লাগিব।
ঊষা—তুমি যেনেকৈ শিকোৱা, মই ঠিক তেনেকৈ চলিৰলৈ সাজু আছোঁ।
প্ৰভা—শুনা তেন্তে। মই আগেয়ে কৈছোঁ মই এতিয়ালৈকে দেৱতাৰ পূজা-সেৱাৰ সম্পূৰ্ণ তাৰ ল'ব পৰা নাই। মই তেওঁৰ চিন্তাৰ যজ্ঞত হবি যোগাইছোঁ, তাৰ পৰা যি প্ৰসৱ হৈছে তাৰু ডাঙৰ-দীঘল কৰিবলৈ যত্ন কৰিছোঁ। কিন্তু দেৱতাৰ শাৰীৰিক আৰু সাংসাৰিক স্বচ্ছন্দতাৰ নিমিত্তে তেওঁৰ সেৱাৰ কোনো ব্যৱস্থা হোৱা নাই। তাৰ দিহা তুমি কৰিব লাগিব।
উষা—সেৱাৰ দিহা কৰা টান নহয়, কিন্তু দেৱতাই যে গ্ৰহণ নকৰে।
প্ৰভা—যত্নৰ অসাধ্য একো নাই। সাধনাত সকলো সিদ্ধি হয়। সুকীয়াভাবে আমি তেওঁৰ সম্পূৰ্ণ পূজাৰ অধিকাৰিণী হ’ব পৰা নাই। আহা, আজি দুয়ো মিলি পূৰ্ণতা লাভ কৰোঁ।
উষা—সেইটো তোমাৰ দয়া।
প্ৰভা—বাৰু আহা, এতিয়া স্নান কৰি আহোঁ।
তেতিয়া সন্ধ্যা লাগোঁ লাগোঁ হৈছিল; দুয়ো হাতত ধৰাধৰিকৈ গৈ স্নান কৰিলে আৰু কাপোৰ-কানি সলাই লৈ আহিল। তাৰ পিচত ফুলনিলৈ গৈ দুয়ো একোঁচ একোঁচ ফুল তুলি আনিলে।
-৩৮৭-