পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা


বিষয়ৰ আলোচনা কৰি কোনো সিদ্ধান্তত ওলাব নোৱাৰিলে প্ৰভা এই খোটালিত সোমাই কিছু সময় নীৰৱে থাকে, আৰু ওলাই আহি এটা মত প্ৰকাশ কৰি দিয়ে। উষাই ইয়াৰ ৰহস্য আজিলৈকে ভেদ কৰি পৰা নাই; সুধিলেও প্ৰভাই একো নকয়।

 এদিন কথা-প্ৰসঙ্গত উষাই ক'লে,-“বাইদেউ, মই এটা কথা সদায় ভাৱো, মই যদি মই নহৈ তুমি হলোঁহেঁতেন।

 প্ৰভা—কিয় তুমি তেনে আকাঙ্ক্ষা কৰা উষা? মোৰ দৰে হোৱাৰ পৰা ঈশ্বৰে তোমাক ৰক্ষা কৰক।

 উষা—কিয়? তোমাৰ দৰে ভাগ্যৱতী কোন আছে?

 প্ৰভা—সঁচা আজি মই ভাগ্যৱতী, কিন্তু দুৰ্ভাগ্যৰ তুমুল সংগ্ৰামত জৰ্জ্জৰিত হৈহে এই সৌভাগ্যৰ আলোক পাইছোঁ। এই আলোক দয়া কৰি দেৱতাই দিয়া।

 উষা—যি দেৱতাৰ অনুগ্ৰহ লাভ কৰিব পাৰে, তেওঁতকৈ আৰু কোন ভাগ্যৱতী আছে!

 প্ৰভা—মই মোৰ অতীত দুৰ্ভাগ্যৰ কথা সুঁৱৰিহে তোমাক তাৰ পৰা ৰক্ষা কৰাৰ কথা কৈছিলোঁ। সেই দুৰ্ভাগ্যৰ কাৰণেই আজিও দেৱতাৰ চৰণত মই এই পাৰ্থিব কুসুমৰ অঞ্জলি দিবলৈ সাহ কৰা নাই। দেৱতা নিজগুণে সন্তুষ্ট বুলিয়েইহে আজি মই তোমাৰ ঈৰ্ষাৰ পাত্ৰী হ’ব পাৰিছোঁ।

 উষা—মোৰ প্ৰতি দেৱতা বিমুখ কিয়?

 প্ৰভা—তোমাৰ আহ্বান তেওঁৰ কাণত পৰা নাই।

 উষা— কেনেকৈ মাতিলে তেওঁ শুনে মোক শিকাই দিয়া।

 প্ৰভা—শিকিব পাৰিবা?

 ঊষা—দেৱতাৰ তুষ্টিৰ অৰ্থে এনে কোনো কাম নাই যিটো মই কৰিব নোৱাৰোঁ।

-৩৮৬—