নৱম অধ্যায়
উপসংহাৰ
দীনবন্ধু ফাটেকলৈ যোৱাৰ পৰা ছমাহ হৈছে। ইয়াৰ ভিতৰত প্ৰভাৱতীয়ে আশ্ৰমৰ বহুত উন্নতি সাধন কৰিলে। তেওঁ আজিকালি আগতকৈও দুগুণ উৎসাহেৰে কাম কৰে। তেওঁৰ সদায় চিন্তা—দীনবন্ধুৱে তেওঁৰ ওপৰত যি কাৰ্য্যৰ ভাৰ দি গৈছে, তেওঁ ঘূৰি আহি যেন তাক সুসম্পন্ন দেখিবলৈ পায়। খেতি-বাতিৰ সম্পৰ্কেও তেও সদায় ভূ লৈ থাকে আৰু আৱশ্যক মতে গঙ্গাক উপদেশ দিয়ে। গঙ্গায়ো সকলো কাৰ্য্য এনে পৰিপাটীকৈ কৰিছে যে দানবন্ধু থকা হলেও তাতকৈ ভালকৈ কৰিব নোৱাৰিলেহেঁতেন। মুঠতে পুৰণি অনুষ্ঠান আৰু কাৰ্য্যাদি যেনে ভাবে চলিছে, তালৈ চাই দীনবন্ধু নোহোৱাৰ পৰা কোনো ক্ষতি হোৱা নাই; মাত্ৰ যেই সেই নতুন সমস্যা ওলালেহে দীনবন্ধুৰ অভাৱ বিশেষভাবে অনুভৱ কৰিব লগাত পৰে।
আগেয়ে কোৱা হৈছে —প্ৰভাৱতী থকা ঘৰটোৰ দুটা খোটালি এটাত তেওঁ আৰু তেওঁৰ ব্যৱহাৰত লগা বস্তু থাকে। ইটো খোটালি প্ৰায়ে বন্ধ থাকে; দিনটোৰ ভিতৰত সাধাৰণতঃ দুবাৰ মাথো প্ৰভাৱতী তালৈ সোমায়। এবাৰ ৰাতিপুৱা ব্ৰহ্মপুত্ৰত স্নান কৰি আহি, আৰু এবাৰ সন্ধ্যা সময়ত স্নানৰ পিচত। এই খোটালিটোত কি আছে, প্ৰভাৰ বাহিৰে আনে কেতিয়াও দেখা নাই। অনুমানত বুজা যায় তেওঁ তাত দেৱাৰ্চ্চনা কৰে।
উষাৰ যদিও বেচি ভাগ সময় প্ৰভাৰ লগতে যায়, তথাপি তেৱে এই খোটালিত, কি আছে ক’ৰ নোৱাৰে। কেতিয়াবা দুয়ো কিবা
-৩৮৫-