পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

দিম; মিঠৈ দিম; বেগাই আহাঁ, বুকুত সোমাই চুমা দিয়া, মোক এবাৰ আই বুলি মাতাঁ।” লগে লগে মাটিত পৰি, মূৰ্চ্ছা যায়। মূৰ্চ্ছা ভাগিলে কেতিয়াবা কান্দে, কেতিয়াবা হাঁহে, কেতিয়াবা যি পায় তাকে বকে। কেতিয়াবা কয়,—“সৌৱা মোৰ সোণে গছৰ আঁৰত লুকাই হাঁহিব লাগিছে, মই মাতিলে নাহে, কুক্‌-ভা খেলিছে।” তাৰ পিচত কোনোবা এফালে লৰ মাৰে। তেওঁৰ গাৰ কাপোৰ-কানিৰ ঠিক নাই, খোৱা-লোৱাৰ কথা মনত নাই। কোনোবাই কিবা খোৱা বস্তু দিলে কেতিহাবা খায়, কেতিয়াবা পেলাই দিয়ে। কিবা ভাল বস্তু পালে পুতেকলৈ বুলি টোপোলা বান্ধি থৈ দিয়ে। দীনবন্ধুৱে নিজে একো কৰিব নোৱাৰি কোনোমতে নি প্ৰভাৱতীৰ হাতত গতাই দিছিল। প্ৰভাই বহুত যত্ন কৰি অলপ সান্ত্বনা দিলে, কিন্তু সেই উন্মাদ অৱস্থা একেবাৰেই নগ’ল। এতিয়াও মাজে মাজে পলাই আহি আগৰ দৰে মৰিশালিত ফুৰে; প্ৰভাই দুই তিন দিনৰ মূৰত কোনোমতে বিচৰাই নিয়ে।

      

 প্ৰভা আৰু উষাই এৰি অহাৰ পৰাই বালিকা স্কুলৰ অৱস্থা ক্ৰমাৎ বেয়া হবলৈ ধৰিলে; ছাত্ৰীৰ সংখ্যাও দিনে দিনে কমি গ’ল। গকুলচন্দ্ৰই এজনী কামৰ পৰা খেদা খোৱা ধাত্ৰী আৰু তেওঁৰে সম্পৰ্কীয়া এজনী তিৰোক শিক্ষয়িত্ৰী নিযুক্ত কৰিলে। এই ধাত্ৰীৰ লগত গকুলচন্দ্ৰৰ বন্ধুতা বহুতদিনীয়া। সেই দেখিয়েই হবলা তেওঁ কমিটিৰ মত নোলোৱাকৈ আৰু উপযুক্ততালৈ নোচা- ৱাকৈ এওঁলোকক কাম দিছিল।

 এইবোৰ ঘটনাৰ পাচত দীনবন্ধুৰ বিচাৰ হয়, তাত গকুলচন্দ্ৰই চৰকাৰৰ ফলীয়া হৈ দীনবন্ধুৰ বিৰুদ্ধে মিছা সাক্ষী দিয়ে।

-৩৮২-