সাধনা
তেতিয়াহে বাজৰ মানুহবিলাকে বিচাৰৰ ফলাফল জানিব পাৰিলে। তৎক্ষণাৎ মানুহবিলাকৰ মাজত এটা উত্তেজনাই দেখা দিলে, সৰহভাগে ততালিকে ফাটেকৰ ফাললৈ ঢাপলি মেলিলে। দুজনমানে চিঞৰি ক'লে—“ভাইহঁত, চকুৰ আগতে এনে অন্যায়, অধৰম দেখিও সহি থাকিবিনে? দীনবন্ধুক ফাটেকত এৰি আমি কোনটো লাজেৰে ঘৰলৈ গৈ তিৰোতাৰ আগত মুখ উলিয়াম! ব’ল ভাইহঁত, হয় ফাটেক ভাঙি দীনবন্ধুক উলিয়াই আনিম, নহয় আমিও তাতে থাকিম।”
হঠাৎ মানুহবিলাক এনেদৰে উত্তেজিত হোৱা দেখি উমাকান্তই প্ৰমাদ গণিলে; তেওঁ সকলোকে আগভেঁটি ধৰি কবলৈ ধৰিলে,— “ৰাইজসকল আপোনালোকে আন কাম কৰিবলৈ যোৱাৰ আগতে দীনবন্ধুৱে কি কৰিবলৈ আপোনালোকক অনুৰোধ কৰি গৈছে, তাক শুনক। তেখেতক যদি আপেনালোকে ভাল পায়, তেন্তে তেখেতৰ অনুৰোধ ৰক্ষা কৰক। তেখেতে নিজে কবলৈ সুবিধা কৰিব নোৱাৰি, এইখন লিখি মোৰ হাতত দি গৈছে, আপোনালোকে মন দি শুনক।”— এই বুলি তেওঁ দীনবন্ধুৰ নিবেদন ৰাইজক পঢ়ি শুনালে। একান্ত মনে শুনি আৰু লগতে উমাকান্তৰ উপদেশ পাই সকলো ৰাইজ শান্ত হ’ল, আৰু ঘৰঘৰি উলটি আহিল।
যাওঁতে বাটত দুই এজনে কৈ গ'ল—“এই গকুলচন্দ্ৰ, সি বাৰু ইমান ডাঙৰ মানুহটো হৈ মিছা কথা ক’ব পায় নে?”
“তাক যদি ভালকৈ জলপান খুৱাব নোৱাৰে, মই মানুহেই নহওঁ।”
⸻
-৩৮০-