বিচাৰ
দীনবন্ধুৱে নিজৰ বৰ্ণনাত ক'লে,—“অভিযোগৰ কথা মই আংশিকৰূপে স্বীকাৰ কৰোঁ। কিতাপখন মই নিজে লিখা; তাত ময়েই ৰচক বুলি পৰিচয় দিয়াও আছে। বক্তৃতা দিয়াও সঁচা। কিন্তু কিতাপতেই হওক, নাইবা বক্তৃতাতেই হওক, ক’তো মই বিশেষ ভাবে ৰাজনীতি আলোচনা কৰা নাই; অৰ্থনীতিহে মোৰ প্ৰধান আলোচ্য বিষয়। কিতাপত ৰাজনীতিৰ যি সামান্য আভাস আছে, বক্তৃতাতত তাতকৈ একো বেচি নাছিল; কিবা যদি বেচি আছিল, সি সমাজ সম্বন্ধীয়। কিতাপৰ যি অংশ পুলিচ কৰ্ম্মচাৰীয়ে আদালতত পঢ়ি শুনাইছে, সেই অংশতো কোনো দোষৰ কথা বা মিছা কথা আছে বুলি স্বীকাৰ কৰিব নোৱাৰো। মহাৰাণীৰ ঘোষণা পত্ৰ আৰু লৰ্ড ৱিলিয়ম বেন্টিঙ্কৰ ঘোষণামতে যে বৰ্তমান গৱৰ্ণমেন্ট শাসনযন্ত্ৰ পৰিচালনা কৰা নাই, সেই কথা সকলোৱে জানে। তেনেস্থলত সেই সত্য কথাকে ক’লে বা লিখিলে যে ৰাজদ্ৰোহ কৰা হয়, তেনে যুক্তি মোৰ মস্তিষ্কই ধাৰণা কৰিব নোৱাৰে। তাৰ পিচত পৰৰ হাত মুখলৈ নাচাই নিজৰ ভাতকাপোৰ নিজে আৰ্জ্জি লবলৈ কোৱাৰ পৰা মাঞ্চেষ্টৰ আঁতীৰ ক্ষতি হলে হ’ব পাৰে, কিন্তু কোনো যুক্তিমতে সি ৰাজদ্ৰোহ হ’ব নোৱাৰে। সেই কাৰণে মই কওঁ— মোৰ জ্ঞান আৰু বিশ্বাস মতে মই সম্পূৰ্ণ নিৰ্দ্দোষ।”
ইয়াৰ পিচত জেৰা আৰম্ভ হ’ল আৰু দীনৱন্ধুৰ সাক্ষী-বাদীও লোৱা হ’ল। কাৰো মুখত দীনবন্ধুৰ বৰ্ণনাত দিয়াৰ বাহিৰে আন কথা একেষাৰো পোৱা নগ'ল।
তাৰ পিচত দুয়ো পক্ষৰ উকীলৰ তৰ্ক হৈ গ'ল। বিচাৰকে সকল শুনি ৰায় দিলে,—দীনবন্ধুৰ এবছৰ সশ্ৰম কাৰাবাস।
আদালতৰ পাচফালে এখন মটৰ গাড়ী সাজু কৰি ৰখা আছিল, ৰায় দিয়া মাত্ৰেই দীনবন্ধুক তাত তুলি ফাটেকলৈ নিয়া হল।
-৩৭৯-