পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা।

যেন কোনো প্ৰকাৰ অশান্তি-উপদ্ৰৱত হাত নিদিয়ে, এয়ে মোৰ আপোনালোকৰ ওচৰত বিনীত গোহাৰি।

ৰাইজৰ ভৰিৰ ধুলি
দীনবন্ধু

 এই জাননীখন লিখাতে থাকিল; ৰাইজৰ হাতত দিবলৈ দীনবন্ধুৱে সময় কৰিব নোৱাৰিলে। সেই কাৰণে বিচাৰৰ দিনা তেওঁ উমাকান্তৰ হাতত যথাবিহিত কৰিবলৈ দিলে।

 ঠিক এঘাৰ বজাত উমাকান্ত আৰু আন মানুহ জনচেৰেকৰে সৈতে দীনবন্ধু আদালতত উপস্থিত হ’ল। দীনবন্ধুক দেখামাত্ৰেই সমবেত নৰমণ্ডলীয়ে জয়ধ্বনি কৰি উঠিল। দীনবন্ধুৱে সকলোকে নীৰৱ হবলৈ অনুৰোধ কৰিলে।

 বিচাৰ উপলক্ষে এক ফৌজ গুৰ্খা অনা হৈছিল; বৰ চাহাবৰ আদেশমতে কোনো মানুহ আদালতৰ ভিতৰলৈ সোমাব নোৱৰাকৈ ইহঁতে পহৰা দিলে।

 বিচাৰ আৰম্ভ হ'ল। পুলিচ কৰ্মচাৰীয়ে দীনবন্ধুৰ বিৰুদ্ধে ওপৰত কৈ অহা অভিযোগ থিয় কৰিলে। গকুলচন্দ্ৰ, লক্ষ্মীকান্ত আৰু ভূতনাথ পুলিচৰ ফলীয়া সাক্ষী হৈ ক'লে যে সেই “জাতীয় সমস্যা আৰু ৰাইজৰ কৰ্ত্তব্য” নামৰ কিতাপখন দীনবন্ধুৰ বুলি তেওঁলোকে জানে, আৰু কিতাপৰ ওপৰত তেৱেঁই লিখক বুলি দিয়াও আছে। তাৰ উপৰি তেওঁলোকে দীনবন্ধুৰ বক্তৃতা বহুত ঠাইত শুনিছে; তাত কিতাপত লিখা কথাৰ উপৰিও ৰাজদ্ৰোহসূচক বহুত কথা শুনিবলৈ পাইছিল, গৱৰ্ণমেণ্টক ধ্বংস কৰি স্বাধীন হবলৈ মানুহবিলাকক উচটোৱা দেখিছিল।

 বাদী পক্ষৰ পৰীক্ষাৰ পাচত দীনবন্ধুক ৰাজদ্ৰোহ অপৰাধৰ বাৰে সংশোধিত ফৌজদাৰী আইনৰ ১২৪ ধাৰাত অভিযুক্ত কৰা হ'ল।

-৩৭৮-