বিচাৰ
খেতি-বাতিৰ সকলো ভাৰ গঙ্গাৰামৰ ওপৰত পৰিল। গঙ্গাৰ ওপৰত দীনবন্ধুৰ অটল বিশ্বাস আছিল। গঙ্গাৰামেও দীনবন্ধুৰ লগত থাকি দীনবন্ধুৰ প্ৰায় সকলো গুণকে আংশিকৰূপে লাভ কৰিছিল। আৱশ্যক মতে প্ৰভাৱতী আৰু উমাকান্তৰ পৰা উপদেশ লবলৈ দীনবন্ধুৱে গঙ্গাক বুজাই দিছিল। তেওঁৰ ঘৰ-দুৱাৰ আৰু ছাত্ৰ কেইটাৰ ভাৰো গঙ্গায়েই লব লগাত পৰিল।
এই সকলোবোৰ দিহা হোৱাৰ পাচত দীনবন্ধুৱে এখন জাননী লিখিলে। সি এইঃ—
“চেনেহৰ ভাইভনীসকল,
আপোনালোকে শুনিছে—মোক ৰাজদ্ৰোহী বুলি অভিযুক্ত কৰিছে। যদিও মই কেতিয়াও ৰজাৰ দ্ৰোহ চিন্তা নাই,—সেই কথা। আপোনালোকেও জানে,—তথাপি বৰ্তমান আদালতৰ বিচাৰ-পদ্ধতিলৈ চাই মোক কাৰাগাৰত ঠাই দিয়া একো আচৰিত নহয়। সেই দেখি আপোনালোকৰ ওচৰত মোৰ এটি নিবেদন আছে। যদি মই কাৰাবাসী হওঁ, তাতে মোৰ বেজাৰ নাই, কিয়নো কোনো পাপ কৰি মই নিৰ্য্যাতন ভোগ কৰিব লগা হোৱা নাই। মোৰ ভাই-ভনী আৰু জম্মভূমিৰ প্ৰতি কৰ্ত্তব্য সাধনৰ চেষ্টা কৰাৰ বাবে যদি মোৰ শাস্তি হয়, তাক মই হাঁহি হাঁহি গ্ৰহণ কৰিম, সি মোক অপৱিত্ৰ নকৰি পৱিত্ৰহে কৰিব। যদি আপোনালোকে মোক মৰম কৰে, ভাল পায়, তেনেহলে মোক শাস্তি দিলেও,—নিতান্ত অন্যায়ভাবে অত্যাচাৰ কৰিলেও,—যেন আপোনালোকৰ ধৈৰ্য্য নেহেৰায়। মই ইমান দিন যি পৱিত্ৰ কৰ্ত্তৱ্য-সাধনৰ নিমিত্তে আপোনালোকৰ সাহায্য পাই আহিছোঁ, মোৰ অনুপস্থিতিতো যদি আপোনালোক তাত আশাশুধীয়াকৈ লাগে, তেনেহলেই মোৰ সুখ-সন্তোষ উভৈনদী হ’ব। আপোনালোকে
-৩৭৭-