পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গ্ৰেপ্তাৰ

 ৰীতিমতে চাহাবক বিদায় দি দীনবন্ধু ভিতৰ সোমাইছে মাথোন, এনেতে তেওঁ পদুলিত আকৌ মটৰৰ শব্দ শুনিলে। কিবা কাৰণত হেমিল্টনেই উলটি আহিল নেকি বুলি তেওঁ ওলাই গ’ল। বাহিৰ ওলাই যি দৃশ্য দেখিলে তাত তেওঁ আচৰিত হ’ল। তেওঁ দেখিলে,—তেওঁৰ ঘৰৰ আগত এজন পুলিচ চুপাৰিণ্টিণ্ডেন্ট, এজন ইন্সপেক্টৰ এজন চব ইন্সপেক্টৰ আৰু চাৰিজন কনিষ্টবল্। তেওঁ একো বুজিব নোৱাৰিলে, কিন্তু তেওঁ কোনো প্ৰশ্ন সুধিবলৈ নৌ পাওঁতেই চুপাৰিণ্টেণ্ডেণ্টে তেওঁৰ হাতত এখন গ্ৰেপ্তাৰী পৰোৱানা দিলে। পৰোৱানা চাই দীনবন্ধু গম্ভীৰ হ’ল, তাৰ পিচত ক’লে—“মোৰ কবলৈ একো নাই, আপোনালোকৰ কৰ্ত্তব্যত মই বাধা নিদিওঁ।” পিচ মুহুৰ্ততে পুলিচ চুপাৰিণ্টেণ্ডেণ্টৰ ইচ্ছামতে দীনবন্ধু মটৰত উঠিল; ততালিকে মটৰ থানাৰ ফাললৈ দ্ৰুত বেগে চলাই দিয়া হ’ল।

 

—৩৬৯—