পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গ্রেপ্তাৰ

 দীন—কিন্তু প্ৰভাৱতীৰ সৰ্ব্বনাশ সাধনৰ চেষ্টাতো কৰিছিল। আৰু তেনেকৈ কিমানৰ ওপৰত অত্যাচাৰ কৰিব তাক কোনে জানে? শান্তি পালে আগলৈ মনত থাকিব।

 জ্ঞান—মই প্ৰতিজ্ঞা কৰিছোঁ–আগলৈ আৰু কেতিয়াও তেনে কাম নকৰোঁ।

 দীন—যদি প্ৰতিজ্ঞা নৰয়?

 জ্ঞান—তেতিয়া আপোনাৰ যি ইচ্ছা তাকে কৰিব।

 দীন—বাৰু সম্প্ৰতি মই আপোনাৰ কথাৰ ওপৰতে নিৰ্ভৰ কৰিলোঁ। কিন্তু চাহাবৰ আগত সকলো ক’ম।

 জ্ঞান—তেতিয়া হলে চাহাবে মোক শুদাই নেৰে।

 দীন—আপুনি আপোনাৰ প্ৰতিজ্ঞামতে কাম কৰিলে আপোনাৰ কোনো অমঙ্গল নহয়। ইয়াৰ বাহিৰে আন কোন প্ৰতিশ্ৰুতি দিবলৈ মই সাজু নহওঁ।

 এই দৰে কৈয়েই দিনবন্ধু ভিতৰলৈ সোমাই গ’ল; চাহাবক ক’লে,— “আপোনাক এনেকৈ এৰি যোৱাৰ বাবে যেন বেয়া নাপায়।”

 চাহাব–নিশ্চয় নাপাওঁ। মই আপোনাৰ লাইব্ৰেৰী দেখি মোহিত হৈছোঁ। আপোনাতকৈ ভাগ্যবান মানুহ অতি কম। আপোনা এই খোটালিটোৰ ভিতৰত সোমাই জগতৰ সকলো মনীষীৰ লগত সাক্ষাৎ হোৱা যেন লাগিছে। আপোনাৰ নিৰ্ব্বাচন দেখি অবাক হৈছোঁ। আপোনাৰ লাইব্ৰেৰীত যে জগতৰ সাহিত্যৰ উৎকৃষ্ট ৰত্নৰাজি এনেকৈ সজাই ৰাখিছে, দিনৌ অতীত-বৰ্ত্তমানৰ মহা মহা পণ্ডিতসকলৰ লগত আপুনি সময় কটাবলৈ পাইছে, তাকে ভাবি মই আপোনাৰ সৌভাগ্যক ঈৰ্ষা-ভাবেৰে নাচাই থাকিব পৰা নাই। সঁচাকৈয়ে আপুনিয়েই ধন্য। পিচে আপুনি এনে এজন শাস্ত্ৰ-ব্যৱসায়ী হৈ মোক খেতিয়ক বুলি পৰিচয় দিছিল কিয়?

⸺৩৬৭⸺