আপোনাৰ পশু-চৰিত্ৰৰ পৰিচয় দিছিল, আৰু এতিয়া সকলো কথা অস্বীকাৰ কৰি নিজক মিছলীয়া বুলি প্ৰমাণ কৰিছে।
দীনবন্ধু দুখোজমান যাওঁতেই জ্ঞানেন্দ্ৰই আগভেঁটি ধৰি হাত যোৰ কৰি ক’লে,—“মোক এই বাৰলৈ ক্ষমা কৰক।”
দীন—দোষ স্বীকাৰ কৰিলে আৰু সেই দোষ ক্ষমাৰ যোগ্য হ’লে ক্ষমা কৰিব পাৰি; কিন্তু যি মিছা কৈ দোষ ঢাকিব খোজ, তাক কেতিয়াও ক্ষমা কৰা উচিত নহয়। মই এতিয়া সকলো কথা চাহাবক কম, তাৰ পিচত আদালতৰ আশ্ৰয় লৈ যি কৰিব পাৰি কৰিম।
জ্ঞানেন্দ্ৰই দীনবন্ধুৰ ভৰিত ধৰি ক’লে,—“আপুনি মোক ৰক্ষা কৰক।”
দীন—কৰ্ত্তব্যৰ ওচৰত দয়া-মায়া নাই। আপুনি যদি দোষ স্বীকাৰ কৰি অনুতাপ কৰিলেহেঁতেন, তেনেহলে কিজানি ক্ষমা কৰিব পাৰিলোঁ- ৱেইহেঁতেন। কিন্তু এতিয়া আপুনি মিছা কথা কৈ দুগুণ শাস্তিৰ যোগ্য হৈছে মাথোন।
জ্ঞান—আপুনি মোক অভয় দিলে সকলো কথা ক’ব পাৰোঁ।
দীন—আপোনাৰ কথা শুনাৰ আগেয়ে মই প্ৰতিজ্ঞা কৰিবলৈ সাজু নহওঁ।
জ্ঞানেন্দ্ৰ—শুনক মোৰ কথা,—মোৰ নাম জ্ঞানেন্দ্ৰনাথ ৰায়। ৰমণীমোহন দত্ত কোন মই ক’ব নোৱাৰোঁ। তেওঁ দিয়া জাননীও মই দেখা নাই। লক্ষ্মীকান্ত মোৰ সহপাঠী আৰু বন্ধু বুলি আপুনিও কিজানি জানে; তেওঁৰ লগত মোৰ প্ৰায়েই চিঠিপত্ৰ চলি থাকে। পূজাৰ সময়ত তেওঁৰ পৰা এখন চিঠি পালোঁ; তাত লিখিছিল,—“বন্ধু, শেহত এটা প্ৰকৃত বন্ধুৰ কাম কৰিবলৈ খাটনি ধৰিব খুজিছোঁ। মোক এজনী তিৰোতাই অপমান কৰিলে। মই প্ৰতিশোধ ল’ম বুলি
—৩৬৫—