পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাদুৰীৰ পৰিবৰ্ত্তন

তেন্তে কোনো কুটনীতিৰ আশ্ৰয় নলৈ পোন পটিয়ে ভুলটো বুজাবলৈ যত্ন কৰা উচিত। আপুনি ক’ব পাৰে নে আপোনালোকে খৃষ্টান ধৰ্ম্মত দীক্ষিত কৰা মানুহবিলাকৰ শতকৰা এজনৰ কিবা আধ্যাত্মিক উন্নতি হৈছে বুলি?

 চাহাব—একেবাৰেই নাই হোৱা বুলিও ক’ব নোৱাৰোঁ, কিন্তু সিহতে যে ধৰ্ম্মবিশ্বাসতকৈ পাৰ্থিব সুখলৈহে বেচিকৈ লক্ষ্য ৰাখিছে, তাক মই স্বীকাৰ কৰো। মই এতিয়া বহুতো দেশী খৃষ্টানক পৰীক্ষা কৰি এইটো বুজিছোঁ, সিহঁতে প্ৰায়ে খৃষ্টান ধৰ্ম্ম বুজা নাই। বুজিব বা কেনেকৈ। ময়েই স্বামীজীৰ ‘ঈশদূত খৃষ্ট' কিতাপখন পঢ়াৰ আগলৈকে ভালকৈ বুজা নাছিলোঁ। তাৰ পিচত সিহতে টানত পৰিলে এতিয়াও হৰিনাম লয়, কালীৰ নাম লয়; আন কি দুই-এজনে আনৰ হাতেদি কালীপূজাত পাঠা দিয়াও ধৰা পৰিছে। মই সোধাত সিহঁতে এক ৰকম স্পষ্টভাবেই ক'লে যে সিহঁতে উপায় নথকাতহে খৃষ্টান হৈছিল। সেই দেখি খৃষ্টান হৈ অন্যায় কৰিলে বুলি জানে, আৰু দেখুৱাই খৃষ্টান হৈ থাকিলেও লুকুৱাই আগৰ দৰে চলে। কেইজনমান এনেকুৱাও পালোঁ যি খৃষ্টান ধৰ্ম্মতো বিশ্বাস নকৰে, আৰু আগৰ বিশ্বাসো হেৰুৱালে,—মুঠতে নাস্তিক হ’ল।

 দীন—তেনেহলে সিহঁতৰ এই আধ্যাত্মিক অধঃপতনৰ বাবে দায়ী কোন?

 চাহাব—সেই দেখিয়েই এতিয়া মই কাকো ফাঁকি দি “বেপ্টাইজ্‌ড্‌” নকৰোঁ। যেতিয়া মানুহটোৰ খৃষ্টান ধৰ্ম্মত সঁচাকৈয়ে বিশ্বাস জন্মিছে বুলি বুজোঁ, তেতিয়াহে দীক্ষা দিওঁ। আজি-কালি মই কোনো ধৰ্ম্মকে অযথা নিন্দা নকৰোঁ।

দীন—আপোনাৰ কথাত মই সুখী হলোঁ। ধৰ্ম্ম-প্ৰচাৰক হলেই ধাৰ্ম্মিক হ'ব লাগে। ঠগৰ ধৰ্ম্মপ্ৰচাৰ অধৰ্ম্মপ্ৰচাৰহে।

-৩৬১-