সাধনা
দীন-মই দেখোন আপোনাৰ কথা একোকে বুজিব পৰা নাই।
চাহাব—আপোনাৰ মনত থাকিব পায়, আপুনি মোক কিছুমান কিতাপ পঢ়িবলৈ উপদেশ দিছিল; সেই কিতাপ বিলাকৰ প্ৰত্যেকখনেই একা একোটি ৰত্ন। মই এতিয়াহে বুজিছোঁ কিয় জৰ্ম্মান দাৰ্শনিক শ্বপেনহৱাৰে “মোৰ জীৱনত শান্তি পাইছোঁ উপনিষদত, মৰিলেও যদি কৰবাত শান্তি পাওঁ উপনিষদতেই পাম” বুলি কৈছিল। আনবোৰ কথা এৰি গীতাত এনে দুটা অমূল্য কথা পালোঁ যে সি মোৰ আগৰ বিশ্বাসকেই ওলোটাই দিলে। সেই দুটা হৈছে চতুৰ্থ অধ্যায়ৰ একাদশ শ্লোক, আৰু নৱম অধ্যায়ৰ ত্ৰয়োবিংশ শ্লোক। শ্লোক দুটা এই :-
(১) যে যথা মাং প্ৰপদ্যন্তে তাংস্তথৈৱ ভজাম্যহম্।
মম ৱত্মানুৱৰ্ত্তন্তে মনুষ্যাঃ পাৰ্থ সৰ্ব্বশঃ॥
(২) যেহপ্যন্যদেৱতাভক্তা যজন্তে শ্ৰদ্ধয়ান্বিতাঃ।
তেহপি মামেৱ কৌন্তেয় যজন্ত্যৱিধিপূৰ্ব্বকম্॥
আপুনি নাম দিয়া কিতাপৰ বাহিৰেও মই আৰু বহুতো কিতাপ পঢ়িলোঁ। তাৰ দ্বাৰা মোৰ বহুত উপকাৰ হ’ল। বাস্তুৱতে ভগৱান শ্ৰীকৃষ্ণৰ এই কথামতে যদি সকলো ধৰ্ম্মপ্ৰচাৰক চলিলহেঁতেন তেনেহলে জগতত কেতিয়াও ধৰ্ম্মৰ নিমিত্তে কটাকটি মৰামৰি নহ'লহেঁতেন। এতিয়া মই স্বীকাৰ কৰোঁ, এইবোৰ গ্ৰন্থ পঢ়াৰ আগেয়ে মই ধৰ্ম্মৰ আধ্যাত্মিকতা ভালকৈ বুজা নাছিলোঁ। পাশ্চাত্য দেশে যে পূৰ্ব্বদেশৰ পৰা ধৰ্ম্মসম্বন্ধীয় বহুত শিক্ষা লাভ কৰিব লাগিব, তাত এতিয়া
মোৰ সংশয় নাই। আপোনাৰ অনুগ্ৰহত মোৰ এই জ্ঞান হোৱাৰ
-৩৫৮-