পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

“তহঁতে মই নথকাত দীনবন্ধুক কিয় আহিবলৈ দিয়? সি যদি আকৌ মোৰ ঘৰলৈ আহে, তেনেহলে নিশ্চয় কৈছোঁ তাৰ মূৰ ভাঙি দিম, তহঁতকো শুদাই নেৰো। সি মোৰ ঘৰত নটী বিচাৰি আহিছে।”

কাতিৰামৰ কথাত মাক আৰু ললিতা একেবাৰেই অবাক! ‘কথাটো কি মাকে বধ-শপত দি সুধিলে। কাতিৰামে কলে,—“সি মই নথকাত তিৰোতাৰ লগত কিহৰ চুপতি মাৰিবলৈ আহে? তাৰ লাজ নালাগে নে?”

 হৰি! হৰি! কাতিৰামৰ মাকে পুতেকৰ কথাত হুকহুক কৰে কান্দি পেলালে। ষাঠি বছৰীয়া বৃদ্ধা মাকে দীনবন্ধুৰ লগত কথা পাতিছিল, ললিতা ওলোৱাই নাছিল। তেনে স্থলত পুতেকে এনে নিৰ্লজ্জভাবে আক্ৰমণ কৰিলে তেওঁৰ প্ৰাণে কেনেকৈ সহ্য কৰে!

 বুঢ়ীয়ে পিচ দিনা দীনবন্ধুক আহিবলৈ মানা কৰি জনাই পঠিয়ালে; তপেশ্বৰৰ উদ্দেশ্য সিদ্ধি হ’ল।

 বহুত দিন কাতিৰামৰ লগত দীনবন্ধুৰ দেখা-সাক্ষাৎ হোৱা নাছিল; আজি তাৰ অৱস্থা দেখি তাৰ কিমান অধঃপতন হৈছে বুজিব পাৰিলে। তেওঁ কাতিৰামক খাৱৈৰ পৰা তুলি দুটামান মানুহৰ সাহায্যেৰে ঘৰলৈ নিলে।

 দীনবন্ধুক দেখি কাতিৰামৰ মাকে কান্দিবলৈ ধৰিলে, আৰু সকলো কথা বিবৰি ক'লে। দীনবন্ধুৱে এতিয়াহে কাতিৰামৰ অৱস্থা ভালকৈ জানিব পাৰিলে। ইয়াৰ আগতে সি তাৰ বাপেকৰ জমা টকাখিনি অন্ত কৰিলে বুলিহে তেওঁৰ ধাৰণা আছিল। ধাৰৰ কথা আৰু টকা ডিক্ৰী হোৱাৰ কথা আজি প্ৰথম শুনিলে। মাকৰ পৰা সকলো খবৰ লৈ দীনবন্ধুৱে ক'লে,—“আই, এতিয়া আৰু একো উপায় নাই, যি হ’ব লাগে হৈ গ'ল। যি অৱস্থাত মানুহ সংশোধন হোৱা অসম্ভৱ কাতিৰামৰ অৱস্থাও তেনে। ইফালে সম্পত্তিৰ যি হিচাপ পালোঁ,

-৩৪৪-