মদাহী
কাতি—এৰা, আহিছিল, পিচে মই দেখা পাই পলালোঁ।
তপেশ্বৰ—তই পলালত সি কি কৰিলে?
কাতি—জানো আইৰ লগত কি কথা পাতিছিল!
তপেশ্বৰ কিমান পৰৰ মূৰত গ’ল?
কাতি—এঘণ্টামানেই হ’ব কি জানি।
তপেশ্বৰ—ওঁ, এতিয়া আৰু কোনো সন্দেহ নাই। মই যি শুনিছিলোঁ, সি সঁচা।
কাতি—কি কথা শুনিছিল?
তপেশ্বৰ—যি শুনিছিলোঁ তাক কৈ আকৌ কাজিয়া এখন লগোৱা ভাল নহয়, মোক নুসুধিবি।
কাতি—নহয় আকৌ। কথাটো শুনিলে তেওঁ সাৱধান হ’ব পাৰিম।
তপেশ্বৰ—সেইটো হওঁতে হয়। বাৰু তেন্তে, তই মোৰ নাম ক’তো নুলিয়াবি। মই মুঠেই থোৰতে কথাটো কওঁ।
কাতি—সেইটোনো আৰু ক'ব লাগিছেনে? মই কেলেই উলিয়াম?
তপেশ্বৰ—শুন তেনে। দীনবন্ধু ডেকা মানুহ, এতিয়াও বিয়া কৰোৱা নাই। তাতে তোৰ ঘৈণীয়েৰ হৈছে গাভৰু ছোৱালী। তেনেস্থলত তই নথকাত সি এঘণ্টাকৈ তোৰ ঘৰত বহাৰ কি কাৰণ থাকিব পাৰে। মই বঢ়িয়াকৈ বুজিছোঁ,—তাৰ মতলব ভাল নহয়।
কাতি—আপুনি ঠিক কৈছে, মই আগেয়ে ভবাই নাছিলোঁ।
তপেশ্বৰ—তই এইবোৰ কথা লৈ বেচি গোলমাল নকৰিবি, তেতিয়া হলে বেয়া হ’ব। মুঠেই ঘৰত কৈ দিবি যাতে দীনবন্ধু আহিলে এতিয়াৰ পৰা তাক কোনেও বহিবলৈ নিদিয়ে, আৰু কোনো কথা নাপাতে। তই এতিয়া ডাঙৰ মানুহ। তোৰ মাৰেই বা কিয় মতা মানুহৰ আগলৈ ওলাব। সেইবোৰ সামান্য মানুহৰহে দস্তুৰ।
কাতিৰামে সেই দিনাই মাক আৰু ঘৈণীয়েকক এইদৰে ক'লে,—
–৩৪৩–