পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

গুচ ইয়াৰ পৰা। লে আও, মদ লে আও! আঃ-হা! আড়নয়নে মুচ্কি‌ হেসে —জলদি লে আও, মদ লে আও। কেয়া দিলখোচ্‌! ৰাম ৰহিমৰ জুদা কৰো ভাই, দিলকো সাচ্চা ৰাখ জী। আৰে দাৰু লে আও। বাইজী, বাইজী কাহা হ্যায়? লেও চাকী লেও, ভৰপিয়ালা পিলাও দাৰু ফিন। হাঃ হাঃ হাঃ হাঃ! কেয়া তোফা! শ্যালা নৰ্দ্দমা, তই দিনত হলে আলিৰ দাঁতিত থাকিবি, আৰু ৰাতি হলে আলিৰ মাজত উঠিবি। পাঁজী কাহাকা! ভাগ যাও শ্যালালোক, ডেম্‌, ইষ্টপিৎ” ইত্যাদি।

 এই মানুহটো কাতিৰাম। দীনবন্ধুৱে ইয়াক আগে-পিচে দেখিছিল, আৰু চিনা-পৰিচয় আছিল। বাপেক জীয়াই থাকোঁতে তেওঁ যি কোনো নতুন খেতি হলে নগৰীয়া ডাঙৰ মানুহত অলপ অলপ লগাইছিল; দীনবন্ধুৱেও তাৰ ভাগ পাইছিল। ফেকেন্দাই থাকোঁতে কেতিয়াবা দীনবন্ধুও তেওঁৰ ঘৰলৈ গৈ খেতি-বাতিৰ ভু-ভা লৈছিল। ফেকেন্দাইৰ মৃত্যুৰ পিচতত দুই-এদিন দীনবন্ধুৱে কাতিৰামক সুপৰামৰ্শ দিছিল; কিন্তু যিদিনা তপেশ্বৰে তাক ৰায় বাহাদুৰ পাতিবলৈ নিয়ে, সেই দিনাৰ পৰা দীনবন্ধুৱে তাক লগ পোৱা নাছিল। ৰাজখোৱা প্ৰভৃতিয়ে ভাবিছিল দীনবন্ধুৱে পালে কাতিৰামক হাতত ৰখা টান হ’ব। সেই দেখি দীনবন্ধুৰ বিৰুদ্ধে বহুত কথা কৈ তাক দীনবন্ধুৰ পৰা আঁতৰি থাকিবলৈ উপদেশ দিছিল, আৰু এই কাৰ্য্য সাধনৰ নিমিত্তে তপেশ্বৰক ভালকৈ চকু ৰাখিবলৈ কৈছিল।

 কাতিৰামে মদত ধৰাৰ কথা শুনি তাৰ বুজ লবলৈ দীনবন্ধু কাতিৰামৰ ঘৰলৈ গৈছিল, কিন্তু তাক লগ নাপালে; মাকৰ লগত কিবাকিবি কথা পাতি গুচি আহিল।

 এই কথাৰ গম পাই, সেই দিনা তপেশ্বৰে কাতিৰামক সুধিলে,—হয়নে বোলে দীনবন্ধু তোৰ ঘৰলৈ আহিছিল?

-৩৪২-