পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সাধনা

চতুৰ্থ খণ্ড

প্ৰথম অধ্যায়

মদাহী

 গদাধৰ শৰ্ম্মাৰ দোকানত বহা মদাহীৰ মজলিচ আজিকালি কেইবাটাও কাৰণত বন্ধ হৈছে। কাৰণ কেইটা এই,

 (১) বছৰৰ শেহত হিচাপ কৰি দেখা গ'ল, সেই বছৰত দোকানৰ লাভ যে নহলেই লোকচানো বহুত হ’ল। দোকানৰ বিক্ৰী সেইবাৰ বৰ কম হৈছিল; তাতে গৰাকীৰ মনত সন্দেহ জন্মিল। তেওঁ ভাবিলে,—গদাধৰে মাল বেচি লাভখিনি মাজে মাজে আত্মসাৎ কৰে আৰু বিক্ৰীৰ হিচাপত নেদেখুৱাই নতুন মালেৰে পূৰাই থয়। সেই কাৰণেই তেওঁ গদাধৰক বিদায় দি নতুন মেনেজাৰ নিযুক্ত কৰিলে। গদাধৰ যোৱাত তাত আড্ডা বহাৰ সুবিধা নোহোৱা হ'ল।

 (২) কাতিৰামৰ জমা টকা যি ঢুকালেই আকৌ ছয় হাজাৰমান টকা ধৰা হ'ল। আৰু বেচিকৈ টকা দিলে আদায় হোৱাৰ সম্ভাৱনা নেদেখি সৰ্ব্বানন্দই ইমানতে কাতিৰামৰ হিচাব বন্ধ কৰিলে, আৰু

সোনকালে সেই টকা আদায় নকৰিলে মোকৰ্দ্দমা কৰিব বুলি জাননী

-৩৩৯-