পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শেষ সিদ্ধান্ত

আপুনি কাম কবিৰ, সেইসকলৰ লগৰীয়া হৈ থকা আপােনাৰ প্ৰয়ােজন। কিন্তু সেইসকল এতিয়াও আপােনাৰ বিবাহৰ আদর্শ বুজিবৰ নিমিত্তে উপযুক্ত হােৱা নাই। আমাৰ বিবাহ হলে তেওঁলোকে তাত স্বাৰ্থৰ নীচতাহে দেখিবলৈ পাব, আৰু তাৰ ফলত আমাৰ সুখ-সন্তোষ পূর্ণ হলেও তেওঁলােকক এৰি দিব লগাত পৰিব। কৰ্ত্তব্য-সাধনত সাহায্য-লাভ কৰিবলৈকে পত্নীৰ প্রয়ােজন, কিন্তু যদি বিবাহৰ পৰা কৰ্ত্তব্যত বিঘিনি জন্মে, তেন্তে তাৰ পৰা বিবাহৰ উদ্দেশ্য বিফল নহৈ নাথাকে। সেই দেখি সমাজৰ অন্ততঃ এটা ভাগক আমাৰ আদৰ্শৰ উপযােগিতা বুজাকৈ গঢ়ি লৈহে আদর্শ দেখুওৱা উচিত। ঘাইকৈ আপােনা অনুষ্ঠানবােৰ সুপ্রতিষ্ঠিত হােৱাৰ পূৰ্ব্বেই ধ্বংস কৰিবলৈ বিপক্ষদলক সুযোগ দিল আপােনা আজীৱন যত্ন আৰু সাধনা বিফল হ’ব বুলি ভয় হয়। সেই দেখিয়েই দেশ আৰু কাললৈ লক্ষ্য ৰাখি আমাৰ কৰ্ত্তব্যত আগ বাঢ়িব লাগিব।

 প্রিয়তম, আপােনাৰ পদপ্রান্তত ঠাই পােৱাতকৈ মােৰ কোনো উচ্চাভিলাষ নাই। মাহচেৰেকৰ আগেয়ে আপােনাৰ লগত বিবাহ কথা শুনামাত্রেই মই সংসাৰ পাহৰি গলোঁহেঁতেন, কিন্তু আপােনাৰ প্রভাৱে আজি প্রভাব মনৰ পৰা বিজাতীয় শিক্ষাৰ ভােগ-লিপ্সা, বিজাতীয় অনুকৰণ,—সকলাে নির্ব্বাসিত কৰি এটি উজ্জ্বল আলােকৰ শিখা সম্মুখত ডাঙি ধৰিছে, সেই হে আজি ওপৰৰ কথাখিনি ভাবিব পাৰিছোঁ। আপুনি এই চিঠি পঢ়াৰ পাচত মােক যি আদেশ দিয়ে, সেয়ে মােৰ শিৰােধাৰ্য্য।

 আৰু এটা কথা।—ঢেক্রেটাৰীৰ ব্যৱহাৰ অপমানজনক আৰু স্কুলৰ নিয়মপ্রণালী সুশিক্ষাৰ প্রতিবন্ধক হৈ উঠাত আমি দুয়াে শিক্ষয়িত্ৰীয়ে কামৰ পৰা অৱসৰ বিচাবি আবেদন কৰাৰ কথা আপুনি জানে। ইয়াৰ পৰা ওলাই কি কৰিম, ক’লৈ যাম, একোকে স্থিৰ কৰা নাই। মাজতে মাথােন এটা মাহ বাকী। মােৰ ভৱিষ্যৎ আপোনাৰ হাততেই সমর্পণ

-৩৩৫-