পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শেষ সিদ্ধান্ত

যি উত্তৰ দিবলৈ ব্যর্থ চেষ্টা কৰিছিলোঁ, আজি তাক দিয়া সহজ হৈ পৰিল। কালি ভাবিছিলোঁ,—বিবাহত আপত্তি কৰিলে আপুনি কিজানি শােকাকুল হ’ব, মােৰ প্রতি ভালপােৱা কমি যাব, কিন্তু আজি মই ডাঠকৈ বিশ্বাস কৰিব পাৰিছোঁ যে আপুনি মােক সহধৰ্ম্মিণীৰূপে পাবলৈ ইচ্ছা কৰিছে, শয্যাসঙ্গিনীৰূপে নহয়। সেই দেখিয়েই আজি মই আপােনাক জনাওঁ,—আমাৰ লৌকিক বিবাহৰ প্রয়ােজন নাই। আপুনি যদি দয়া কৰি মােক আপােনাৰ সকলাে কৰ্ত্তব্যৰ ভাগ দিয়ে, যদি মােক অন্ধ বুলি বাটদেখুৱাই লৈ ফুৰায় তেনেহলেই মােৰ সকলাে সাধনা সিদ্ধি হ’ব।

 মই ঘাইকৈ দুটা কথালৈ লক্ষ্য ৰাখি এই মন্ত্র দিছোঁ। এটা হৈছে,—মই প্ৰেমৰ সাধনা প্ৰকৃততে এতিয়াহে আৰম্ভ কৰিব লগা হৈছে। ইয়াৰ আগেয়ে শৰীৰক কলুষিত হবলৈ যদিও দিয়া নাই, তথাপি কামনাৰ কুৰুক্ষেত্ৰত বহুত যুদ্ধ হৈ গৈছে। চেক্রেটাৰী, লক্ষ্মীকান্ত, মহেশ আদিৰ লগত কথা বতৰা পাতোঁতে অনির্দিষ্টভাবে হলেও কামনা সজাগ নােহােৱাকৈ থকা নাছিল। তেওঁলােকৰ পণ্ডভাবে পূর্ণৰূপে দেখা দিবলৈ উপক্ৰম কৰাৰ পিচতহে মই নিজক প্রকৃতিস্থ ৰাখিবলৈ যত্ন কৰিব পাৰিছিলোঁ। আকৌ সেই ৰমণীমােহনৰ কথা। ৰমণীক যদিও মই ভালপােৱা নাছিলোঁ, তথাপি একো নজনা-নুশুনাকৈয়ে তাৰ পত্নী হ’বলৈ ইচ্ছা প্রকাশ কৰি চিঠি লিখাৰ মূলত নিশ্চয় মােৰ মানসিক চঞ্চলতা আৰু দুৰ্ব্বলতা। মােৰ এই দুৰ্ব্বলতাৰ কাৰণেই ৰমণী মােৰ আলহী হৈ মােৰ সৰ্ব্বনাশ সাধন কৰিবলৈ আগ বাঢ়িছিল। হৃদয়েশ্বৰ, আপােনাক কোৱা নাই, সেই দিনা সি মােক নানা প্রলােভন দেখুৱাই মােৰ মনত এটা অনিশ্চিত ভৱিষ্যতৰ লােকালােক সৃষ্টি কৰিছিল। কিন্তু ভগৱানৰ অশেষ কৃপা আৰু আপােনাৰ অঞ্চত আশীৰ্ব্বাদে মােৰ অধঃপতন সম্পূর্ণ হবলৈ নিদি ৰক্ষা কৰিলে। সি সেই দিনাই তাৰ

-৩৩৩-