পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শেষ সিদ্ধান্ত

বেচি। কিয়নো সৰ্ব্বসাধাৰণে প্ৰকৃত সত্যৰ বহুত দূৰত থাকি অবিচাৰ কৰিব, আৰু তাৰ ফলত আপোনাৰ ওপৰত আস্থা হেৰুৱাই আপোনাৰ অসম্পূৰ্ণ কাৰ্য্যবিলাক সম্পূৰ্ণ কৰাত ব্যাঘাত জন্মাব। এবাৰ মনত খেলালে,লোকমতৰ ভয়ত আদৰ্শৰ পৰা আঁতৰি যোৱা অন্যায়; যি দুই এজনে এটা নতুন পন্থা, নতুন আদৰ্শ সমাজক দিব খোজে, তেওঁ লোকে নিকাৰ ভুঞ্জিবই। কিন্তু সমাজে সেই আদৰ্শৰ মূল্য বুজি যেতিয়া গ্ৰহণ কৰিব, তেতিয়া সমাজৰ মঙ্গল হব। লগে লগে এইটো ভাবো মনলৈ আহিল যে সমাজৰ অৱস্থাৰ লগত আদৰ্শৰ নেৰা-নেপেৰা সম্বন্ধ। যেনেকৈ যি মাটি যি খেতিৰ নিমিত্তে অনুপযুক্ত, তাত সেই খেতি কৰিলে পৰিশ্ৰম পণ্ড হয়, শেহত হা-হুমুনিয়াহ কাঢ়ি দিন নিয়াব লাগে, তেনেকৈয়ে যি সমাজে যি আদৰ্শ লবলৈ প্ৰস্তুত হোৱা নাই, তাত সেই আদৰ্শ দেখুৱাবলৈ যোৱাৰ পৰা সুফল পোৱাৰ আশা নাই। এনেকৈয়ে ইটোৰ পিচত সিটো বিৰুদ্ধ ভাবনাই ভুমুকি মৰা মই একোকে স্থিৰ কৰিব নোৱাৰি বিমোৰত পৰিলোঁ। যথাসময়ত উত্তৰ নাপাই আপুনি চিন্তিত আৰু মোৰ ওপৰত অসন্তুষ্ট হৈছে বুলি ভাবি মোৰ অস্থিৰতা আৰু বাঢ়িল। ৰাতি এটা মান বজালৈকে এনেকৈ কটাই শেহত গৈ পাটীত পৰিলোঁ, বহুত সময়লৈকে সেই একে চিন্তাৰ ঢৌৱে অন্তৰত খলক লগাই শেহত তাৰ কোলাত মাৰ গ'ল। মই দেখিলোঁ,আপুনি বৰ অস্থিৰ হৈছে, মোৰ ওপৰত বিশ্বাস হেৰুৱাইছে, পাটীত পৰি ছটফটাই আছে, এটা বিৰক্তি আৰু বিমৰ্ষভাবৰ ছায়াই মুখমণ্ডল ঢাকি পেলাইছে। তেতিয়া মোৰ ধৈৰ্য্য হেৰাল, এক মুহূৰ্ত্তও বিলম্ব নকৰি আপোনাৰ চৰণত দীঘল দি পৰিবৰ নিমিত্তে এটা দুৰ্দ্দমনীয় আকাঙ্ক্ষা মনত লৈ মই লৰি গলোঁ। বাট ডোখৰত মই সম্পূৰ্ণ সজাগ আছিলোঁ বুলি কব নোৱাৰোঁ৷ যেতিয়া আপোনাৰ দুৱাৰ-মুখত থিয় হলোঁগৈ, তেতিয়াহে হঠাৎ মোৰ চকুৰ পৰা টোপনিৰ আঁৰ কাপোৰখন আঁতৰ হ’ল; মই কি অন্যায়

-৩৩১-