পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

ঊনবিংশ অধ্যায়

শেষ সিদ্ধান্ত

 ওপৰত কোৱা ঘটনাৰ পিচদিনা দীনবন্ধুৱে এই চিঠিখন পালে,—

শ্ৰীচৰণকমলেষু,

 প্রাণাধিক, প্ৰভাৱতীৰ জীৱনসৰ্ব্বস্ব, প্ৰাণৰ দেৱতা, মােৰ শত- সহস্র নমস্কাৰ গ্ৰহণ কৰি সকলাে দায়-দোষ যেন মাৰ্জ্জনা কৰে । মােৰ কালিৰ আচৰণত আপুনি নিশ্চয় ক্ষুন্ন হৈছে আৰু ময়াে তাৰ বাবে দুখিত আৰু লজ্জিত হৈছোঁ। কিয় তেনে কৰিছিলোঁ, তাক নকলে বােধকৰোঁ আপােনাৰ কিবা সন্দেহ জন্মিব পাৰে, সেই কাৰণেই আজি প্ৰকৃত কথা আপােনাক জনাবলৈ আগ বাঢ়িলোঁ।

 কালি পুৱা আপােনাৰ চিঠিখন পাই মােৰ মনত যে কি অভাৱনায় আনন্দৰ ঢৌ উঠিছিল, তাক বুজাই ক’ব নােৱাৰোঁ। কিন্তু কেনেকৈ তাৰ উত্তৰ লিখিম, কোনাে মতেই স্থিৰ কৰিব নােৱাৰিলোঁ। এটা সিদ্ধান্ত স্থিৰ কৰি লিখি যাওঁতেই হঠাৎ আকৌ আন এটা ভাৱৰ উদয় হয়, তেতিয়া আগৰখন ফালি আকৌ নতুনকৈ লিখিবলৈ লওঁ। এনেকৈয়ে ৰাতি দুপৰলৈকে দহখন চিঠি লিখি ফালিলোঁ, কিন্তু আপােনালৈ পঠিয়াব পৰাকৈ এখনাে লিখিব নােৱাৰিলোঁ। মােৰ এই চাঞ্চল্যত আপুনি চাগৈ আচৰিত মানিব, কিন্তু ঘটনাৰ সোঁতত মই তেনেকৈ উটি যাবলৈ বাধ্য হৈছিলোঁ। এবাৰ ভাবিলোঁ, আপােনাৰ যেতিয়া আপত্তি নাই, মই মহা আনন্দেৰে আপােনাৰ প্ৰস্তাৱত সম্মত হােৱা উচিত। আকৌ ভাবিলোঁ সহধৰ্ম্মিণীৰূপে আপােনাৰ সকলাে কাৰ্য্যত সহায় হােৱা মােৰ কৰ্ত্তব্য, কিন্তু আমাৰ বিবাহে আপােনাৰ কৰ্ত্তব্যত বিঘিনি জন্মােৱাৰ সম্ভাৱনাহে

-৩৩০-