পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অভিসাৰ

তুমি ইয়াত বেচি সময় থকা উচিত নহব। তুমি যোৱাঁ, কিন্তু অনাহকত বেজাৰ নকৰিবা। তোমাৰ যদি কিবা দুখ আছে আৰু তাক নিবাৰণ কৰা যদি মোৰ সাধ্যাতীত নহয়, তেনেহলে তুমি নিশ্চিন্ত হোৱা।”

 দীনবন্ধুৱে দুৱাৰ মেলি দিলে; প্ৰভা বাহিৰ ওলাল। দীনবন্ধুৱে প্ৰভা ঘৰ নোপোৱালৈকে দুৱাৰ-দলিত থিয় হৈ চাই থাকিল, আৰু ঘৰ সোমালত দুৱাৰখন জপাই লাহে লাহে গৈ পাটীত পৰিল।


—————

-৩২৯-