অষ্টাদশ অধ্যায়
অভিসাৰ
সেই দিনা গােটই দিনটো অপেক্ষা কৰিও দীনবন্ধুৱে প্ৰভাৱতীৰ পৰা কোনাে উত্তৰ নাপালে। প্ৰভাৱতীক নিলগৰ পৰা আন দিনতকৈ গম্ভীৰ আৰু চিন্তাকুলা দেখা গৈছিল। দীনবন্ধুৱে প্ৰভাৰ মতিগতি একো বুজিব নােৱাৰি চিন্তাকুল চিত্তেৰে দিনটো কটালে, কিন্তু প্রভাৰ পৰা এটা আখৰো নাহিল। লাহে লাহে ৰাতি ডেৰপৰমান হ’ল, দীনবন্ধু খাই-বৈ উঠি পাটীত পৰিল, তথাপি প্রভাৰ কোনাে উত্তৰ নাহিল। তেওঁ ভাবিলে কিজানি প্রভাই তেওঁক স্বামীগ্ৰহণ কৰিব নােখােজে, অথচ তেওঁ বেয়া পাই বুলি ভাঙি কবলৈ সাহ কৰা নাই ; সেই কাৰণেই বাহিৰা কাৰণ দেখুৱাই আপত্তি জনাইছিল। এতিয়া তেওঁ সেই আপত্তি অগ্রাহ্য কৰাত নিৰুপায়ত পৰি আৰু প্রকৃত মনােভাব ফুটাই ক’বলৈ লাজ কৰি মনে মনে আছে। সি যি হওক, তেওঁ সেই বিষয়ে একো স্থিৰ সিদ্ধান্ত কৰিব নােৱাৰিলে। এইদৰে চিন্তাৰ সোঁতত উটি-বুৰি ফুৰোঁতে তেওঁৰ কোনোমতেই টোপনি নাহিল। তেতিয়া তেওঁ শােৱাৰ পৰা উঠি লিখা-পঢ়া কৰা খােটালিলৈ গ'ল; লেম্পটো লগাই ল'লে আৰু তাৰ পাচত ‘ড্ৰৱাৰৰ' পৰা তেওঁৰ কবিতাৰ বহীখন উলিয়াই লিখিবলৈ ধৰিলে :-
নালাগে সাদৰি, তুমি ভাল পাব মােক,
মাথাে মােক পাবলৈ দিয়াঁ;
নালাগে তােমাৰ মােক একো প্রতিদান,
লােৱা যদি দান মােৰ হিয়া।