অসবৰ্ণ বিবাহ
আকৌ কয়,—
ন ৱিশেষোহস্তি ৱৰ্ণানাং সৰ্ব্বং ব্ৰাহ্মমিদং জগৎ।
ব্ৰহ্মণা পূৰ্ব্বসৃষ্টং হি কৰ্ম্মভিবৰ্ণতাং গতম্॥
কামভোগপ্ৰিয়াস্তীক্ষাঃ ক্ৰোধনাঃ প্ৰিয়সাহসাঃ।
ত্যক্তস্বধৰ্ম্মা ৰক্তাঙ্গাস্তে দ্বিজাঃ ক্ষত্ৰতাং গতাঃ॥
গোভ্যো বৃত্তিং সমাস্থায় পীতাঃ কষ্যুপজীৱিনঃ।
স্বধৰ্ম্মান্নানুতিষ্ঠন্তি তে দ্বিজা ৱৈশ্যতাং গতাঃ॥
হিংসানৃতপ্ৰিয়া লুব্ধাঃ সৰ্ব্বকৰ্ম্মোপজীৱিনঃ।
কৃষ্ণাঃ শৌচপৰিভ্ৰষ্টাস্তে দ্বিজাঃ শূদ্ৰতাং গতাঃ।
ইত্যেতৈঃ কৰ্ম্মভিৰ্ব্যস্তা দ্বিজা ৱৰ্ণান্তৰং গতাঃ।
(মহাভাৰত-১২।১৮৮।১০-১৪)
অৰ্থাৎ জাতবিলাকৰ কোনো বিশেষত্ব নাই; ব্ৰহ্মাই সৃষ্টি কৰাৰ বাবে সকলোৱেই প্ৰথমতে ব্ৰাহ্মণ আছিল, পিচতহে কাম অনুসৰি বেলেগ বেলেগ জাত পাইছে। যিবিলাক ৰক্তবৰ্ণ ব্ৰাহ্মণে কামভোগ- প্ৰিয়, তীক্ষ্ণ, সাহসী আৰু ক্ৰোধপৰায়ণ হৈ স্বধৰ্ম্ম অৰ্থাৎ ব্ৰাহ্মণৰ কৰ্ত্তব্য ত্যাগ কৰিছিল, সেইবিলাক ক্ষত্ৰিয় হ’ল। যিবিলাকে গৰু পুহি আৰু খেতি কৰি জীৱিকা উলিয়াইছিল, সেই স্বধৰ্ম্মানুষ্ঠানহীন পীতবৰ্ণ ব্ৰাহ্মণ বৈশ্য হ’ল। যিবোৰ বামুণ হিংসাকুৰীয়া, শুভীয়া, জীৱিকাৰ নিমিত্তে যেই সেই কামকে কৰা, অশুচি নিয়মত চলা, ক’লাবৰণীয়া আছিল সেইবোৰ শূদ্ৰ হ’ল। এনেকৈয়ে কাম অনুযায়ী বামুণৰেই বেলেগ বেলেগ জাত হ'ল।
এই কথাত যেনেকৈ ব্ৰাহ্মণৰে ক্ৰমাৱনতি হৈ জাতি-বিভাগ
—৩২১—