পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সাধনা


সকলো বিষয়তে যেনে ব্যতিক্ৰম দেখা যায়, মানুহতো তেনে ব্যতিক্ৰম ঘটিবই। সেই দেখিয়েই—

যস্য যল্লক্ষণং প্ৰোক্তং পুংসে ৱৰ্ণাভিব্যঞ্জকম্‌।
যদন্যত্ৰাপি দৃশ্যেত তত্তেনৈৱ ৱিনিৰ্দ্দিশেৎ॥

(শ্ৰীমদ্ভাগৱত-৭।১১।৩৫)

 অৰ্থাৎ পুৰুষৰ বৰ্ণজ্ঞাপক যি বৰ্ণৰ যি লক্ষণ কোৱা হৈছে তাক যদি আন বৰ্ণত দেখা যায়, তেনেহলে সেই লক্ষণ অনুযায়া বৰ্ণ নিৰ্দ্দেশ কৰিব লাগিব। চমুকৈ ক'ব লাগিলে পৈতৃক জাত যিয়েই থাকক, সন্তানৰ যাৰ গাত যি গুণ থাকে সি সেই মতেইহে জাত পাব। শূদ্ৰ- সন্তান যদি শমদমাদি গুণযুক্ত হয়, তেন্তে তেওঁ ব্ৰাহ্মণ হ’ব, আৰু ব্ৰাহ্মণ- সন্তান যদি সেইবোৰ গুণবৰ্জ্জিত হয়, তেন্তে তেওঁ ব্ৰাহ্মণ হৈ থাকিব নোৱাৰে। মনুৱে কৈছে-

যোহনধীত্য দ্বিজো ৱেদমন্যত্ৰ কুৰুতে শ্ৰমম্‌।
স জীৱন্নেৱ শূদ্ৰত্বমাশু গচ্ছতি সাম্বয়ঃ॥

(মনু—২।১৬৮)

 অৰ্থাৎ বেদপাঠ এৰি আন কামত ধৰা দ্বিজই শীঘ্ৰে সবংশে শূদ্ৰত্ব পায়।

 মহাভাৰতে কয়ঃ—

শূদ্ৰে চৈতদ্ভৱেল্লক্ষ্য দ্বিজে তচ্চ ন ৱিদ্যতে।
ন ৱৈ শূদ্ৰো ভৱেচ্ছুদ্ৰো ব্ৰাহ্মণো ব্ৰাহ্মণো ন চ॥

(মহাভাৰত— শান্তিপৰ্ব্ব)

 এই লক্ষণবোৰ যদি শূদ্ৰত থাকে, ব্ৰাহ্মণত নাথাকে, তেন্তে সেই

শূদ্ৰও শুদ্ৰ নহয়, ব্ৰাহ্মণো ব্ৰাহ্মণ নহয়।

-৩২০-