পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অসবর্ণ বিবাহ


আজিকালি বহুত শিক্ষিত মানুহ জাতিভেদ প্ৰথাৰ বিবোধী; তাৰ কাৰণ পূৰ্বৰ নিয়ম লঙ্ঘন কৰি আজি কালি জাতৰ চিৰস্থায়ী বন্দৱস্ত কৰা হৈছে। জাতৰ এই জোখ যে বিজ্ঞানবিৰুদ্ধ তাক বিজ্ঞলোকে নিশ্চয় স্বীকাৰ কৰিব। সেই কাৰণে ই যিমান সোনকালে উঠি যায়, সিমানেই দেশৰ আৰু সমাজৰ মঙ্গল হ’ব বুলি মই ভাবোঁ। কিন্তু ওপৰত কোৱা কৰ্ম্মগত বৰ্ণ-বিভাগ থাকিবই লাগিব। সেই মতে হলে খোৱা-লোৱা আদিত বিশেষ পাৰ্থক্য ৰখাৰ আৱশ্যকতা নাথাকিলেও বিবাহত তাৰ আৱশ্যকতা আছে। মুঠ কথা, বৈদিক জাতি-বিভাগ মানি চলিলে অসবৰ্ণ বিবাহ কেতিয়াও সমৰ্থন কৰিব নোৱাৰি; কিয়নো এজন শাস্ত্ৰ-ব্যৱসায়ীয়ে এজনী কৃষক কন্যাৰ পাণিগ্ৰহণ কৰিলে, নাইবা এজন মৎস্যজীৱীয়ে ব্ৰাহ্মণ কন্যাক বিবাহ কৰিলে সাধাৰণতঃ সাংসাৰিক জীৱন সুখৰ হোৱাৰ সম্ভাৱনা নাই। কাৰণ দুয়ো জনৰ শিক্ষা-দীক্ষা, চলন-ফুৰণ, স্বভাৱ-চৰিত্ৰৰ বিশেষ তাৰতম্য থকা স্বাভাৱিক, আৰু সেই কাৰণেই সাংসাৰিক কৰ্ত্তব্য সাধনত ব্যাঘাত জন্মাও সম্পূৰ্ণ সম্ভৱ। কিন্তু সেই বুলি এইটো বুজাও নিতান্ত ভুল, যে কোনো বিশেষ কামত লাগি থকা মানুহৰ কোনো সন্তানে পৈতৃক ব্যৱসায়ত বাজে আন একো শিকিব নোৱাৰে। ভাগ্যক্ৰমে যদি এজনী মৎস্যজীৱীৰ কন্যাই সুশিক্ষা লাভ কৰি শাস্ত্ৰ-ব্যৱসায়ত ধৰিব পাৰে, তেতিয়া হ'লে তেওঁৰ পৈতৃক জাত নাথাকিব, তেওঁ তেতিয়া শাস্ত্ৰ-ব্যৱসায়ীৰ জাতলৈ উঠিব। তেতিয়া যদি তেওঁক এজন শাস্ত্ৰ-ব্যৱসায়ীয়ে বিয়া কৰায়, তেতিয়া সেই বিয়াত কোনো দোষ হ’ব নোৱাৰে আৰু তেনে বিয়াক অসবৰ্ণ বিবাহ নুবুলি সবৰ্ণ বোলাইহে শ্ৰেয়ঃ। মুঠতে যিবিলাক সমগুণবিশিষ্ট, তেওঁলোক একে জাতৰ, তেহলেই জন্ম যাৰে ঘৰতে হওক। বোধকৰোঁ যি পিতা-মাতাৰ পৰা জন্ম পায়, লৰা-ছোৱালীও সাধাৰণতঃ তেনে

গুণসম্পন্ন হয় দেখিয়েই পিচৰ কালত জাত জন্মগত কৰিলে, কিন্তু

-৩১৯-