বিবাহ-প্ৰস্তাৱ
চিঠিৰ কাগজ নষ্ট কৰি হে এখন কোনোমতে পঠিয়াব পৰা হওঁ। ইয়াৰ
আগৰখন চিঠি পঠিয়াই মোৰ অতিশয় লাজ আৰু ভয় লাগিছিল।
আপোনাৰ পৰা পাই অহা চেনেহ আৰু যত্নও কিজানি হেৰুৱাওঁ,—এই
বুলি মই ভাবনাত অস্থিৰ হৈ পৰিছিলোঁ; আপোনাৰ আগত ওলাব-
লৈকো লাজ লাগিছিল। আজি আপোনাৰ সুমধুৰ আশ্বাস বাণীয়ে সেই
অস্থিৰতাৰ সলনিত এক অবৰ্ণনীয় পুলকৰ সৃষ্টি কৰিলে। আপুনি মোক
ঘিণ কৰা হ'লেও মই আপোনাৰ পূজাতেই জীৱন উচৰ্গা কৰিলোঁহেতেন
তেনে স্থলত যে মই আপোনাৰ ভালপোৱাৰ পাত্ৰী হ’ব পাৰিছোঁ, তাতকৈ
আৰু কি সৌভাগ্য হ'ব পাৰে। আজি জগতত মোতকৈ সুখী আৰু
কোনো নাই।
কিন্তু প্ৰিয়তম, দেৱতা মোৰ, মই যে আপোনাৰ যোগ্য পূজাৰিণী নহওঁ। আমাৰ দৈহিক মিলনৰ বাট বন্ধ। আপুনি জানে মই আপোনাৰ স্বজাতীয়া নহওঁ, নীহ কুলত মোৰ জন্ম। সেই কাৰণে আপুনি মোক বিয়া কৰালে চলিত প্ৰথামতে আপোনাৰ সামাজিক অৱনতি ঘটিব, সেইটো মই সহিব নোৱাৰোঁ। সেই দেখিয়েই মই মোৰ প্ৰাণৰ যাতনা সহ্য কৰিও আপোনাৰ স্বজাতীয় কন্যা উষাৰ লগত আপোনাৰ বিবাহৰ প্ৰস্তাৱ কৰিছিলোঁ। আপুনি সেই প্ৰস্তাৱ গ্ৰহণ কৰা হ'লে মই মোৰ ভালপোৱা চিৰজীৱন গোপনে ৰাখিলোঁহেঁতেন। এতিয়াও মই মোৰ প্ৰাণৰ ভালপোৱাৰে আপোনাক পূজা কৰিব পাৰিম মাথোন, আপুনি দাম্পত্য সুখ সম্ভোগৰ পৰা বঞ্চিত হ'ব লাগিব। এই সম্পৰ্কে আপুনিয়েই যথাবিহিত কৰিব। মোৰ সহস্ৰ অপৰাধ মাৰ্জ্জনা কৰিব।
সেৱিকা
প্ৰভাৱতী
⸻
-৩১৭-