সাধনা
ধৰাধৰিকৈ কৰ্ত্তব্যত আগ বাঢ়িব পাৰোঁ, তালৈ মাথোন লক্ষ্য
ৰাখিবা॥
তোমাৰ শুভাকাঙ্খী
দীনবন্ধু
দীনবন্ধুৰ চিঠি পঢ়ি প্ৰভাৱতীৰ হৃদয় আনন্দেৰে আপ্লুত হ’ল, শৰীৰ কঁপি উঠিল, অঙ্গাবৰণ শিথিল হৈ পৰিল। চিঠিখন পুনঃ পুনঃ চুম্বন কৰি বহু কষ্টেৰে আত্ম-সংবৰণ কৰাৰ পিচত যি উত্তৰ লিখিলে সি এই,—
শ্ৰীচৰণকমলেষু,
আপোনাৰ চিঠিয়ে মোলৈ যি স্বৰ্গীয় মন্দাকিনীৰ ধাৰা নমাই আনিলে,
তাক প্ৰকাশ কৰিবলৈ ভাষা নাই। আজি অত দিন যি কথা শুনিবলৈ
সাধনা কৰিছিলোঁ, আজি তাকেই শুনিলোঁ। এয়ে মোৰ স্বৰ্গ, এই
কথাকে বুকুত বান্ধি মই হেজাৰ বিপদৰ মাজতো শান্তিৰে থাকিব
পাৰিম। যদিও সংসাৰৰ কাঁইটীয়া বাটত বুলোঁতে জীৱনৰ বহুত
পৰিবৰ্ত্তন ঘটিছে, তথাপি আপোনাক লগ পোৱাৰ আগেয়ে কাকো
প্ৰাণেৰে সৈতে ভালপোৱা নাছিলোঁ; আন কি, তেনে কোনোবা ওলাব
বুলিও ভাবিব নোৱাৰিছিলোঁ। আপুনি মোৰ ভ্ৰান্তি দূৰ কৰিলে।
এতিয়া আপুনিয়েই মোৰ সুখ-শান্তি, ধৰ্ম্ম-কৰ্ম্ম, আপুনিয়েই মোৰ উপাস্য
দেৱতা। কত দিন সেই কথা ক’ম ক’ম বুলি ভাবিছিলোঁ, কিন্তু ভয়
লাগিল—জানোচা হিতে বিপৰীত হয়! জানোচা মোৰ কথা শুনি
মোৰ চৰিত্ৰৰ ওপৰত আপোনাৰ সন্দেহ জন্মে। জানোচা সেই কথা কৈ
আপোনাৰ পৰা পাই অহা মৰম-চেনেহো হেৰুৱাও! সেই দেখি নীৰৱ
সাধনাতেই দিন কটাবলৈ স্থিৰ কৰিছিলোঁ। তথাপি আপোনালৈ লিখা
চিঠিত সেই ভাব এনেকৈ প্ৰকাশ হৈ পৰে যে বহুত দিন চাৰি পাঁচখন
-৩১৬-