পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বিবাহ-প্ৰস্তাৱ


কটাবলৈ সাজু হৈছিলোঁ। কি সুন্দৰ মোৰ মানস প্ৰতিমা! তাৰ লগত যে একোৰে তুলনা নহয়! এনেকৈয়ে বহুত দিন গ’ল। কিন্তু মোৰ কল্পনা অলীক নহয়; এদিন উষালোকৰ লগে লগে সেই মানস প্ৰতিমা সজীৱ হৈ মোৰ সন্মুখত উপস্থিত হ’ল। মই ভোল গলোঁ, প্ৰাণ নাচি উঠিল; মোৰ জীৱন-যৌৱন নীৰৱে সমৰ্পণ কৰিলোঁ। জীৱনৰ ভিতৰত এয়ে মোৰ প্ৰথম ভালপোৱা, এয়ে শেষ হ’ব লাগিব। তেওঁৰ বাহিৰে আনক দিবলৈ মোৰ হৃদয় নাই। মুঠতে তোমাৰ অনুমান সঁচা; সেই দেখিয়েই কৈছোঁ,—তুমি মোৰ নিমিত্তে পাত্ৰী বিচৰা অনাৱশ্যক।

 যাৰ লগত মানস প্ৰতিনাৰ মিল, যাক মই মনে মনে আত্মসমৰ্পণ কৰিলোঁ, যাক জীৱনত প্ৰথম আৰু শেষ বাৰৰ নিমিত্তে চিৰ-সঙ্গিনীৰূপে ভাল পালোঁ, তেওঁ কোন ভাগ্যৱতী জানিবলৈ তুমি ব্যগ্ৰ হৈছা। শুনা তেন্তে,—চক নাখাবা, খং নকৰিবা, স্থিৰ হৈ শুনা,—সেই ভাগ্যৱতী তুমি। তোমাৰ বাহিৰে আনৰ লগত মোব বিবাহ অসম্ভৱ। তোমাক এই কথা জনাম বুলি আগেয়ে ভবা নাছিলোঁ, নীৰৱে ভালপোৱাইহে মোৰ উদ্দেশ্য আছিল কিন্তু আজি তোমাৰ চিঠিৰ পৰা তোমাৰ লক্ষ্যও ময়ে বুলি বুজিহে ইমান দিন গোপনে ৰখা কথা প্ৰকাশ কৰিলোঁ। যদি মোৰ বুজাত ভুল হৈছে, তেন্তে ক্ষমা কৰিবা, আৰু ইয়াত লিখা কথা পাহৰি যাবা। মনত ৰাখিবা—তোমাৰ স্বাৰ্থ নাথাকিলে অকল মোৰ সুখ-সন্তোষৰ নিমিত্তে কেতিয়াও তোমাক মোৰ হ’বলৈ নকও। তুমি যদি মোৰ হ’ব নোৱাৰা, তেনেহলেও মোৰ তাত বেজাৰ নাই। তুমি যি কৰি সুখী হ’ব পাৰা, তাকে কৰিলেই ময়ো সুখী হ’ম। মই দৈহিক মিলনৰ নিমিত্তে ব্যস্ত নহওঁ, তুমি য’তে থাকা, যেনেকৈ থাকা, ইমান দিন যেনেকৈ নীৰৱে ভাল পাই আহিছোঁ, চিৰকাল তেনেকৈয়ে ভাল পাম। ভাল পাই ভাল লাগে বুলিয়েই মই ভাল পাওঁ। সেই কাৰণে

আমাৰ মিলন অসম্ভৱ হলেও যেন নিৰুদ্বেগ চিত্তে আগৰ দৰেই হাতত

-৩১৫-